ETV Bharat / state

ভৰিত শিকলিৰে বন্দিত্বৰ 17 টা বসন্ত পাৰ কৰিলে কৃষ্ণই

author img

By

Published : Sep 27, 2020, 7:38 PM IST

Updated : Sep 27, 2020, 8:02 PM IST

পুত্ৰক সুস্থ কৰি তুলিবলৈ বৃদ্ধা মাতৃয়ে নিজৰ সকলো সা সম্প্ৰত্তি বিক্ৰী কৰি বিভিন্ন চিকিৎসালয়, মানসিক ৰোগ নিমূল কেন্দ্ৰ ঘূৰি সৰ্বস্বান্ত হ'ল কিন্তু সুস্থ নহ'ল কৃষ্ণ । কৃষ্ণক সুস্থিৰ কৰাৰ চিন্তাত ইতিমধ্যে সৰ্বস্ব হেৰুৱালে বদ্ধা মাতৃয়ে ৷ আনফালে স্বামীক হেৰুৱাই অসহায় মহিলাগৰাকী । উৱলি গৈছে ঘৰখন। চালৰ ওপৰত বৰষুণ ধৰি ৰাখিব পৰাকৈ নাই টিনপাত ।

Sivsagar
আমগুৰি

আমগুৰি, 27 ছেপ্টেম্বৰঃ শিৱসাগৰ জিলাৰ অন্তৰ্গত দিখৌমুখ কৃষ্ণচিগাৰ মাখনী ভৰালীৰ একমাত্ৰ সন্তান কৃষ্ণ ভৰালী। বৃদ্ধা গৰাকীৰ একমাত্ৰ সাহস আছিল কৃষ্ণ । কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, বৃদ্ধা কালত সম্বল হ'ব বুলি ভবা কৃষ্ণ প্ৰায় ১৪ বছৰ বয়সৰ পৰাই মানসিক ৰোগৰ স্বীকাৰ হৈ এটি বন্ধ কোঠালীত বন্দী ৷ সৰুৰ পৰা বিভিন্ন দিশত পাৰ্গত কৃষ্ণ এতিয়া মানসিক ৰোগী। ভৰিত শিকলিৰে বান্ধি এটা বন্ধ কোঠালিত বন্দী কৰি ৰখা হৈছে কৃষ্ণক। কিয়নো শিকলিৰ বান্ধোন খুলিলেই আপোন-পৰ নিচিনি সকলোকে আক্ৰমণ কৰিবলৈ যায় কৃষ্ণই ।

লগতে পঢ়কঃ বিশ্ব পৰ্যটন দিৱসত CN Travels & Centre for Tourism Studiesৰ বিশেষ পদক্ষেপ

পুত্ৰক সুস্থ কৰি তুলিবলৈ বৃদ্ধা মাতৃয়ে নিজৰ সকলো সা-সম্পত্তি বিক্ৰী কৰি বিভিন্ন চিকিৎসালয়, মানসিক ৰোগ নিমূল কেন্দ্ৰ ঘূৰি সৰ্বস্বান্ত হ'ল কিন্তু সুস্থ নহ'ল কৃষ্ণ । কৃষ্ণক সুস্থিৰ কৰাৰ চিন্তাত ইতিমধ্যে সৰ্বস্ব হেৰুৱালে বদ্ধা মাতৃয়ে ৷ আনফালে স্বামীক হেৰুৱাই অসহায় মহিলাগৰাকী । উৱলি গৈছে ঘৰখন। চালৰ ওপৰত বৰষুণ ধৰি ৰাখিব পৰাকৈ নাই টিনপাত । বেৰ-বিলাকো ভাঙি গৈছে । অকল্পনীয় দুখৰ দিন পাৰ কৰিছে মহিলাগৰাকীয়ে ৷

ভৰিত শিকলিৰে বন্দিত্বৰ 17 টা বসন্ত পাৰ কৰিলে কৃষ্ণই

উপায়বিহীন বৃদ্ধাগৰাকীৰ শেষ আশা ৰাজ্য চৰকাৰ তথা প্ৰশাসন ৷ মহিলাগৰাকীক এই সময়ত কিছু সহায়ৰ হাত আগবঢ়োৱাটো বিভিন্ন দল সংগঠন তথা মানৱীয় প্ৰমূল্যবোধ থকা ব্যক্তিৰ দায়িত্ব । আমিও জনাইছো বিশেষ আহ্বান, পাৰে যদি পৰিয়ালটোক উদ্ধাৰ কৰক, সাহস হৈ থিয় দিয়ক বৃদ্ধা মাতৃগৰাকীৰ কাষত।

Last Updated : Sep 27, 2020, 8:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.