ETV Bharat / state

শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ - শিৱসাগৰত ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ

যি সময়ত স্বয়ং শিৱসাগৰ জিলা প্ৰশাসনে নিশা জৰুৰীকালীন চিকিৎসা প্ৰদানৰ বাবে আদেশ জাৰি কৰিছে তেনে সময়ত নিজৰ মইমতালি দেখুৱাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰাইজক চিকিৎসা প্ৰদানৰ পৰা বিৰত আছে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেৱল আদেশ জাৰি কৰি দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।

ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ
author img

By

Published : Nov 14, 2019, 11:50 PM IST

শিৱসাগৰ, 14 নৱেম্বৰ: শিৱসাগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাচতো গা লৰা নাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ ৷ মৃত ৰোগীৰ পৰিয়ালৰ অভিযোগ জিলাখনৰ দুখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে বুধবাৰে নিশা জৰুৰীকালীন চিকিৎসা প্ৰদান নকৰাৰ ফলত মৃত্যু হয় কুটুবুদ্দিন আহমেদ নামৰ এজন লোকৰ।

ব্যক্তিগত চিকিৎসালয়ৰ হেমাহিত প্ৰাণ গ'ল এজনৰ

চলিত বৰ্ষৰ ১৯ অক্টোবৰ তাৰিখে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে DVD/MIS/20/2019/14 আদেশ যোগে শিৱসাগৰ নগৰৰ সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নিশা চিকিৎসালয় খুলি ৰখাৰ লগতে এজন নৈশ চিকিৎসক নিয়োগ কৰি নিশা ৰোগীক জৰুৰীকালীন চিকিৎসা প্ৰদান কৰাতো বাধ্যতামূলক কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে আদেশ জাৰি হোৱাৰ এমাহ নৌহওতেই জিলাখনৰ দুখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ অৱহেলাৰ মৃত্যু হয় এজন লোকৰ।

বুধবাৰে নিশা প্ৰায় নগৰখনৰ ধাইআলিৰ কুটুবুদ্দিন আহমেদ নামৰ এজন লোকৰ বুকুৰ বিষৰ বাবে শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাত ততালিকে কাষৰ বাইপাছৰ প্ৰগতি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ৰ দুৱাৰ খুলি নিদিয়ে চিকিৎসালয় কতৃপক্ষই । প্ৰগতিৰ পৰা উভতি পৰিয়ালৰ লোকে ৰোগীক ঠাকুৰবাৰীৰ শৰ্মা নাৰ্চিং হোমলৈ লৈ যায় যদিও তাতো নিশা কোনো চিকিৎসক নাই বুলি জানিবলৈ দি অন্য চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিয়ে ৷ ৰোগীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ অহাত পৰিয়ালৰ লোকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ যায় যদিও ইতিমধ্যে আহমেদৰ মৃত্যু হয়।

যি সময়ত স্বয়ং শিৱসাগৰ জিলা প্ৰশাসনে নিশা জৰুৰীকালীন চিকিৎসা প্ৰদানৰ বাবে আদেশ জাৰি কৰিছে তেনে সময়ত নিজৰ মইমতালি দেখুৱাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰাইজক চিকিৎসা প্ৰদানৰ পৰা বিৰত আছে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেৱল আদেশ জাৰি কৰি দায়িত্ব সামৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।

লগতে পঢ়কঃচাপৰত PMAY হিতাধিকাৰীৰ দ্বাৰা 31নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

Intro:Body:*শিৱসাগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশৰ পাছতো গা লৰা নাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ--নিশা জৰুৰীকালীন সেৱা আগনবঢ়োৱাৰ ফলত মৃত্যু হ'ল এজন লোকৰ--পৰিয়ালৰ স্পষ্ট অভিযোগ*

Story-MEDICAL_TERRORISM
Ananta Smith
Sivasagar
14th November

শিৱসাগৰ নগৰৰ দুখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে যোৱা নিশা জৰুৰীকালীন চিকিৎসা প্ৰদান নকৰাৰ ফলত মৃত্যু হয় এজন লোকৰ।এনে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।শিৱসাগৰ জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ পাছতো এনে অভিযোগে সৃষ্টি কৰিব তীব্ৰ প্ৰতিক্ৰিয়াৰ।

যোৱা ১৯ অক্টোবৰ তাৰিখে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে DVD/MIS/20/2019/14 আদেশ যোগে শিৱসাগৰ নগৰৰ সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক নিশা চিকিৎসালয় খুলি ৰখিৰ লগতে এজন নৈশ চিকিৎসক নিয়োগ কৰি ৰাতি জৰুৰীকালীন ৰোগীক চিকিৎসা প্ৰদান কৰাতো বাধ্যতামূলক কৰিছিল।কিন্তু অতি পৰিতাপৰ বিষয় যে আদেশ জাৰি হোৱাৰ এমাহ নৌহওঁতে নগৰৰ দুখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ অৱহেলাৰ বাবে এজন লোকৰ মৃত্যু হয়।এনে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।যোৱা নিশা প্ৰায় একমান বজাত নগৰৰ ধাইআলিৰ কুটুবুদ্দিন আহমেদ নামৰ এজন লোকৰ বুকুৰ বিষৰ বাবে শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাত ততালিকে কাষৰ বাইপাছৰ প্ৰগতি চিকিৎসিলয়লৈ নাই য়ে যদিও চিকিৎসালয়ৰ দুৱাৰ খুলি নিদিলে।প্ৰগতিৰ পদূলিমুখৰ পৰা উভতি পৰিয়ালৰ লোকে ঠাকুৰবাৰীৰ শৰ্মা নাৰ্চিং হোমলৈ আহমেদক লৈ যায় যদিও তাতো নিশা কোনো চিকিৎসক নাই বুলি জানিব দি অন্য চিকিৎসালয়লৈ যোৱাৰ পৰামৰ্শ দিয়ে।ইতিমধ্যে পলম হৈ অহাত পৰিয়ালৰ লোকে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ যায় যদিও ইতিমধ্যে আহমেদৰ মৃত্যু হয়।

Bite1-পৰিয়ালৰ লোক

যি সময়ত স্বয়ং শিৱসাগৰ জিলা প্ৰশাসনে নিশা জৰুৰীকালীন চিকিৎসা প্ৰদানৰ বাবে আদেশ জাৰি কৰিছে তেনে সময়ত নিজৰ মইমতালি দেখুৱাই ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰাইজক চিকিৎসা প্ৰদানৰ পৰা বিৰত আছে।এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেৱল আদেশ জাৰি কৰি দায়িত্ব সামৰা বুলি ৰাইজে সমালোচনা কৰিছে।চিকিৎসা সেৱাৰ নামত কেৱল ব্যৱসায় কৰি ধনঘটা এই চিকিৎসালয় সমূহৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

Bite2- স্থানীয় লোকConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.