শিৱসাগৰ,16 মাৰ্চঃ আমগুৰি থানাৰ অন্তৰ্গত দুলীয়া বস্তিৰ এজন যুৱকক কেন্দ্ৰ কৰি শিৱসাগৰত হাহাকাৰ পৰিস্থিতি ৷ যুৱকজন কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত তৎপৰ হৈ পৰে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগ ৷ চেন্নাইত কর্মৰত ২২ বছৰীয়া মহেশ সিং ওৰফে চুনু সিং নামৰ যুৱকজন কালি চেন্নাইৰ পৰা আহি পোৱাৰ পিচতেই বস্তিবাসী আতংকিত হৈ জিলা স্বাস্থ্য বিভাগক অৱগত কৰে ৷ যুৱকজনক সোমবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হয় ৷ ফলত চিকিৎসালয়তো এক আতংকময় পৰিৱেশে বিৰাজ কৰে ।
লগতে পঢ়ক-জয়াৰ স্মৃতি বিজড়িত জয় দ'লৰ এটি অৱলোকন !