ETV Bharat / state

শিৱসাগৰত আছুৰ প্ৰতিবাদঃ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি - প্ৰধানমন্ত্ৰীক ভয়াতুৰ আখ্যা

'কা', EAI ২০২০ বাতিল, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী নাগৰিক সমস্যা সমাধান কৰাৰ দাবীত শিৱসাগৰত আছুৰ জোঁৰ সমদল ৷ জোঁৰ সমদলকাৰীক বাধা আৰক্ষীৰ ৷

sivsagar aasu protest
শিৱসাগৰত আছুৰ প্ৰতিবাদঃ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি
author img

By

Published : Jan 22, 2021, 8:22 PM IST

শিৱসাগৰ, 22 জানুৱাৰী : শিৱসাগৰত শুকুৰবাৰে সদৌ অসম ছাত্র সন্থাই ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী । সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ উপস্থিতিত শিৱসাগৰত জোঁৰ লৈ সমদল বাহিৰ কৰে আছুৱে । 'কা', EAI ২০২০ বাতিল, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি বিদেশী নাগৰিক সমস্যা সমাধান কৰাৰ দাবীত শিৱসাগৰ নগৰৰ বৰ্ডিং খেল পথাৰৰ পৰা এক প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰিছিল শিৱসাগৰ জিলা ছাত্র সন্থাই ।

শিৱসাগৰত আছুৰ প্ৰতিবাদঃ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাইলৈ শিৱসাগৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা আৰক্ষী প্ৰশাসনে কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলি জোঁৰ সমদল বাহিৰ কৰাত বাধা প্ৰদান কৰে । বৰ্ডিং খেলপথাৰৰ সমুখত আৰক্ষীয়ে প্ৰতিবাদী সমদলক শক্তি প্ৰয়োগ কৰি আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰাত প্ৰতিবাদী সকলে ৰাজপথৰ ওপৰত বহি প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ বাবে বহু সময়ৰ বাবে যাতায়ত স্তব্ধ হৈ পৰে।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত উক্ত সময়ত হতাহতিৰ দৰে পৰিস্থিতিৰো সৃষ্টি হয় । আছুৰ নেতৃবৰ্গই আৰক্ষীৰ এনে ভূমিকাক তীব্ৰ সমালোচনা কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীক ভয়াতুৰ আখ্যা দিয়ে।
লগতে পঢ়ক: নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নামৰূপ সাৰ কাৰখানালৈ মনত পৰিল চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.