ETV Bharat / state

শিৱসাগৰত 'কা' বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

author img

By

Published : Aug 15, 2020, 1:17 PM IST

আছুয়ে স্পষ্ট ৰূপত কয় যে, যুগান্তকাৰী অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ আত্মত্যাগ আৰু ঐতিহাসিক অসম চুক্তিক অপমান আৰু ভেঙুচালী কৰা কেতিয়াও সহ্য কৰা নহব। অসমৰ ৰাইজে নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ কেতিয়াও মানি নলয় ।

sivsagar AASU protest
শিৱসাগৰত 'কা' বাতিলৰ দাবীত আছুৰ প্ৰতিবাদ

শিৱসাগৰ, 15আগষ্ট : ৭৪ তম স্বাধীনতা দিৱসৰ দিনাই নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বাতিল কৰাৰ দাবীত শিৱসাগৰত আছুৰ প্ৰতিবাদী কাৰ্যসূচী । সদৌ শিৱসাগৰ জিলা ছাত্র সংস্থাৰ আহ্বানত আয়োজন কৰা হয় ১০ ঘন্টীয়া অনশন কাৰ্যসূচী । শিৱসাগৰত স্বাধীনতা দিৱস সমাৰোহস্থলী ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ নিচেই কাষতে থকা জিলা ছাত্র সংস্থাৰ কাৰ্য্যালয়ৰ সন্মুখত পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ এই প্ৰতিবাদী অনশন কাৰ্যসূচী গ্ৰহণ কৰে।

আছুয়ে স্পষ্ট ৰূপত কয় যে, যুগান্তকাৰী অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদৰ আত্মত্যাগ আৰু ঐতিহাসিক অসম চুক্তিক অপমান আৰু ভেঙুচালী কৰা কেতিয়াও সহ্য কৰা নহব । অসমৰ ৰাইজে নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ কেতিয়াও মানি নলয় । আছুৱে অসমৰ জাতি জনগোষ্ঠীয় সংগঠন সমূহক একত্ৰিত কৰি পুনৰ ন-উদ্যমেৰে কা বিৰোধী আন্দোলন আৰম্ভ কৰিব বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : নিজৰ এক মন্তব্য সন্দৰ্ভত স্পষ্টীকৰণ মন্ত্ৰী পিযুষ হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.