শিৱসাগৰ,11আগষ্টঃ শিৱসাগৰ জিলাত মঙলবাৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ শিৱসাগৰ নগৰৰ দ’লমুখ চাৰিআলিত ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰাণালয়ে চলিত বৰ্ষতে প্ৰণয়ন কৰা EIA 2020 প্ৰতিলিপি দাহ কৰে ৷
এই আইনখনে অসমৰ লগতে উত্তৰ পূৰ্ৱাঞ্চলৰ পৰিৱেশ ধ্বংসৰ মুখলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলি অভিযোগ তুলি শ্ৰীঘ্ৰে EIA-2020 আইন বাতিলৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনতোৱে ৷ অন্যথা ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে আছুৱে ৷
লগতে পঢ়কঃ প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ গুৰুত্বৰ অভিযোগ