ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ এগৰাকী মেধাৱী ! - হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ এগৰাকী মেধাৱী !

দুচকুত অযুত সপোন লৈ ফটা তিৰপাল আৰু ভঙা টিনপাটৰ বেৰা দিয়া এই ঘৰটোৰ পৰাই অধ্যয়ন কৰি অষ্টমীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থানত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। পিতৃ মাতৃ আৰু কনিষ্ঠ ভাতৃৰ সৈতে এই জৰাজীৰ্ণ চালিৰ পৰাই এদিন ডাঙৰ মানুহ হোৱাৰ অযুত সপোন দেখিছে অষ্টমী ভূঞাই ।

Sivasagar poor student Astami got 3rd dividion in HSLC
শিৱসাগৰ
author img

By

Published : Jun 9, 2020, 2:59 PM IST

শিৱসাগৰ, 9 জুনঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ হ'ল শিৱসাগৰ জিলাৰ অষ্টমী ভূঞা ৷ এই ফলাফল বাতৰি প্ৰচাৰৰ বিষয় নহয় যদিও অঞ্চলজুৰি বিশেষ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ছাত্ৰীগৰাকী। দৰাচলতে,দৰিদ্ৰতাই কোঙা কৰা এটা পৰিয়াল। এই পৰিয়ালটোৰ সদস্য অষ্টমী। শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ ডিমৌৰ ভেকেলাই গাঁৱৰ ৰোগীয়া পিতৃ ৰাজু ভূঞা আৰু দিন হাজিৰা কৰি পৰিয়াল চলোৱা মীৰা ভূঞাৰ জেষ্ঠ কন্যা অষ্টমী। অষ্টমীয়ে ডিমৌৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰা সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাত তৃতীয় স্থানত উত্তীৰ্ণ হৈছে।

ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা

পৰিতাপৰ বিষয় যে,অতি দৰিদ্ৰ পৰিয়ালটোৰ নাই থাকিবলৈ ঘৰ,পঢ়িবলৈ অষ্টমীৰ নাই এখন মেজ,শুবলৈ এখন বিচনা নাই এই পৰিয়ালটোৰ। এয়াই হৈছে ছাত্ৰী গৰাকীৰ জীৱন সংগ্ৰামৰ কৰুণ কাহিনী । দুচকুত অযুত সপোন লৈ ফটা তিৰপাল আৰু ভঙা টিনপাটৰ বেৰা দিয়া এই ঘৰটোৰ পৰাই অধ্যয়ন কৰি অষ্টমীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থানত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। পিতৃ মাতৃ আৰু কনিষ্ঠ ভাতৃৰ সৈতে এই জৰাজীৰ্ণ চালিৰ পৰাই এদিন ডাঙৰ মানুহ হোৱাৰ অযুত সপোন দেখিছে অষ্টমীয়ে।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় বিভাগত উত্তীৰ্ণ এগৰাকী মেধাৱী !

লগতে পঢ়কঃ বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

উল্লেখ্য যে,অষ্টমীৰ পিতৃ মাতৃৰ নাই নিজা এডোখৰ মাটি,নাই এটা গৃহ। তথাপি প্ৰবল ইচ্ছাশক্তিৰ বলত এই তিৰপাল আৰু ভঙা টিনৰ বেৰা দিয়া চালিৰ পৰাই শিক্ষা জীৱনৰ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ দেওনা পাৰ কৰিলে অষ্টমীয়ে। আজিকোপতি,চৰকাৰী কোনো আঁচনীয়ে ঢুকি নাপালে এই দৰিদ্ৰ পৰিয়ালটোক। ইফালে অষ্টমীৰ এই দুৰ্দশাৰ খবৰ পাই সহায় কৰিবলৈ আগবাঢ়ি আহিল ডিমৌ আঞ্চলিক ছাত্ৰ সন্থা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চ। ছাত্ৰ সন্থাই অষ্টমীৰ পৰিয়ালটো থাকিবলৈ সমীপৰে এডোখৰ মাটিত এটা অস্থায়ী ঘৰ নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিছে ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই অষ্টমীৰ পঢ়া-শুনাৰ বাবে যাৱতীয় কিতাপ-পত্ৰ যোগান ধৰাৰ দায়িত্ব লৈছে যদিও এতিয়াও ভূমিহীন পৰিয়ালটি থাকিবলৈ অভাৱ হৈছে এডোখৰ ভূমি আৰু এটা স্থায়ী ঘৰৰ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.