ETV Bharat / state

পানী মেটেকাৰ বিদেশ যাত্ৰা

শিৱসাগৰৰ উদ্যমী মহিলাই পানী মেটেকাৰে পৰা তৈয়াৰী হস্ত নিৰ্মিত সামগ্ৰীৰ বিশ্বযাত্ৰা ৷ নৰ্থ ইষ্ট ডেভলপমেণ্ট ফ'ৰামৰ মহিলাই নিৰ্মাণ কৰা সামগ্ৰীৰ গুণগত মানৰ বুজ লবলৈ আহিল ফৰাচী বণিক ৷

Sivasagar handloom ptroduct made from Water hyacinth
পানী মেটেকাৰ বিদেশ যাত্ৰা
author img

By

Published : Dec 4, 2019, 8:34 AM IST

Updated : Dec 4, 2019, 12:00 PM IST

শিৱসাগৰ, 4 ডিচেম্বৰ : শিৱসাগৰত মহিলা সকলক কেন্দ্ৰ কৰি নৰ্থ ইষ্ট ডেভলপমেণ্ট ফ'ৰাম নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানে ২০০৭ চনৰ পৰা পানী মেটেকাৰে হস্ত নিৰ্মিত সামগ্ৰী উৎপাদনৰ প্ৰকল্প হাতত লৈ আহিছিল। বিগত প্ৰায় ১২ বছৰত এমুঠি মহিলাৰ এনে প্ৰয়াসে এতিয়া আৰম্ভ কৰিছে বিশ্বযাত্ৰা । পানী মেটেকাৰে প্ৰস্তুত কৰা বিভিন্ন ব্যৱহাৰ্য সামগ্ৰী ফ্ৰান্স,ইংলেণ্ড,আমেৰিকা আদি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে ব্যৱহাৰৰ বাবে আগ্ৰহী হৈ উঠিছে। যাৰ বাবে ফ'ৰামে লাভ কৰিছে বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা। এই স্বেচ্ছাসেৱী অনুষ্ঠানে পানী মেটেকাৰে সামগ্ৰী তৈয়াৰ কৰাৰ কৌশল ফ্ৰান্সৰ পেৰিছৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছিল ৷ মঙলবাৰে আত্মসহায়ক গোটটোৰ কামৰ নমুনা আৰু কামৰ আদৱ-কায়দাৰ লগতে কৰ্মী সকলৰ অৱস্থাৰ বুজ লবলৈ হেড এছিয়া পেছিফিক জ'নৰ কোৱালিটি কন্ট্ৰলাৰ ফ্ৰাংক আৰু মাৰ্চিডিছ চেনছেচ আহি ফ'ৰামৰ ভটিয়াপাৰৰ কাৰ্যালয়ত উপস্থিত হয়। তেওঁলোকে প্ৰস্তুত কৰা চাহিদা সামগ্ৰীৰ লগতে বিভিন্ন দিশ সমূহ পৰ্যালোচনা কৰে। বৃহত্তৰ ভটিয়াপাৰ আৰু গৌৰীসাগৰৰ মহিলা সকলৰ প্ৰচেষ্টা আৰু কৰ্ম নিপুণতাৰ শলাগ লয় দুই প্ৰবাসীয়ে ।

পানী মেটেকাৰ বিদেশ যাত্ৰা

লক্ষ্যণীয় যে শিৱসাগৰৰ ভটিয়াপাৰত আৰম্ভ হোৱা এক মহিলাৰ অনুষ্ঠানে এতিয়া বিদেশ যাত্ৰাৰ বাট লৈছে। প্ৰদূষণ নিয়ন্ত্ৰণ,জৈৱ প্ৰক্ৰিয়াৰ প্ৰতি গুৰুত্ব,পাৰপাৰ্শ্বিক দিশত নেতিবাচক প্ৰভাৱ নেপেলোৱা এনে উৎপাদন সমূহে উন্নত বিশ্বৰ আকৰ্ষণ ক্ৰমে বৃদ্ধি কৰি আহিছে। অসমীয়া কলা-কুশলীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা পানী মেটেকাৰ সামগ্ৰীৰ বিদেশ যাত্ৰা সকলোৰে বাবে যথেষ্ট উৎসাহজনক ।

লগতে পঢ়ক:মাৰাত্মক ৰোগৰ কাৰক হ'ব পাৰে সৌন্দৰ্য প্ৰসাধনৰ ছুপাৰবেগে

Intro:Body:*শিৱসাগৰৰ উদ্যমী মহিলাই নিৰ্মাণ কৰা হস্ত নিৰ্মিত সামগ্ৰীয়ে কৰিছে বিশ্বযাত্ৰ-নৰ্থ ইষ্ট ডেভলেফমেণ্ট ফ'ৰামৰ মহিলাই নিৰ্মাণ কৰা সামগ্ৰীৰ গুণগত মানৰ বুজ ললে ফৰাচী বণিকে*

Story-METEKAR_VISWA_YATRA
Ananta Smith
Sivasagar
03-12-19

শিৱসাগৰৰ এটা আত্মসহায়ক গোট।মহিলা সকলক কেন্দ্ৰ কৰি নৰ্থ ইষ্ট ডেভলেফমেণ্ট ফ'ৰাম নামৰ এক স্বেচ্ছাসেৱী অনুষ্ঠানে ২০০৭ চনৰ পৰা পাণী মেটেকাৰে হস্ত নিৰ্মিত সামগ্ৰী উৎপাদনৰ প্ৰকল্প হাতত লৈ আহিছিল।বিগত প্ৰায় ১২ বছৰত এমুঠি মহিলাৰ এনে প্ৰয়াসে এতিয়া আৰম্ভ কৰিছে বিশ্বযাত্ৰা।পানীমেটেকাৰে প্ৰস্তুত কৰা বিভিন্ন ব্যৱহাৰ্য সামগ্ৰী ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা আদি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ লোকে ব্যৱহাৰৰ বাবে আগ্ৰহী হৈ উঠিছে।যাৰ বাবে ফ'ৰামে লৈ ভ কৰিছে বিভিন্ন দেশৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা।এই স্বেচ্ছাসেৱী অনুষ্ঠানে ফ্ৰান্সৰ পেৰিছৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লাভ কৰা কামৰ নমুনা আৰু কামৰ আদৱ-কায়দাৰ লগতে কৰ্মী সকলৰ অৱস্থাৰ বুজ লবলৈ হেড এছিয়া পেছিফিক জ'নৰ কোৱালিটি কণ্ট্ৰলাৰ ফ্ৰাংক আৰু মাৰ্চিদিছ চেনছেচ আহি ফ'ৰামৰ ভটিয়াপাৰৰ কাৰ্যালয়ত উপস্থিত হয়।তেঁওলোকে প্ৰস্তুত কৰা চাহিদা সামগ্ৰীৰ লগতে বিভিন্ন দিশ সমূহ পৰ্যালোচনা কৰে।বৃহত্তৰ ভটিয়াপাৰ আৰু গৌৰিসাগৰৰ মহিলা সকলৰ প্ৰচেষ্টা আৰু কৰ্ম নিপুণতাৰ শলাগ লয় দুই প্ৰৱাসীয়ে।

Bite1-প্ৰীয়ম হাজৰিকা
Bite2-ফ্ৰাংক

শিৱসাগৰৰ ভটিয়াপাৰত আৰম্ভ হোৱা এক মহিলাৰ অনুষ্ঠানে এতিয়া বিদেশ যাত্ৰাৰ বাট লৈছে।প্ৰদূষণ নিয়ন্ত্ৰণ, জৈৱ প্ৰক্ৰিয়াৰ প্ৰতি গুৰুত্ব, পাৰপাৰ্শ্বিক দিশত নেতিবাচক প্ৰভাৱ নেপেলোৱা এনে উৎপাদন সমূহে উন্নত বিশ্বৰ আকৰ্ষণ ক্ৰমে বৃদ্ধি কৰি আহিছে।অসমীয়া কলা-কুশলীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা পানীমেটেকাৰ বিদেশ যাত্ৰ সকলোৰে বাবে উৎসাহজনক।Conclusion:
Last Updated : Dec 4, 2019, 12:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.