ETV Bharat / state

বানত ক্ষতিগ্ৰস্ত আমগুৰিৰ মূগাপালক

মূগা পলু ৰখা চোমগছ বানৰ কবলত পৰাৰ পাচতে সম্প্ৰতি মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ মূগা পলুৰ ৷ যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃ্ষ্টি হৈছে নামতি পথাৰৰ বামুণবাৰীৰ একাংশ মূগাপালকৰ মাজত ৷

author img

By

Published : Aug 20, 2020, 12:58 PM IST

বানত ক্ষতিগ্ৰস্ত
বানত ক্ষতিগ্ৰস্ত

আমগুৰি, 20 আগষ্ট: শেহতীয়া ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকক সৰ্বস্বান্ত কৰাৰ লগতে, বানৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আমগুৰিৰ একাংশ মূগাপালকে ৷ নামতি পথাৰৰ বামুণবাৰীত মূগা পালকে মূগা পলু ৰখা চোমগছ বানৰ কবলত পৰাৰ পাচতে সম্প্ৰতি মৃত্যুমুখত পৰিছে হাজাৰ হাজাৰ মূগা পলু ৷ কোনো অচিন ৰোগত আক্ৰান্ত হোৱাৰ লগতে, পানীৰ গৰম ভাপ সহ্য কৰিব নোৱাৰি মৃত্যুমুখত পৰে মূগা পলুবোৰ ৷ প্ৰায় 2 লাখ টকা ব্যয়েৰে 6 গৰাকীকৈ ব্যৱসায়ীয়ে মিলি পালন কৰা মূগা পলুবোৰৰ মৃত্যু হোৱাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত ৷

বানত ক্ষতিগ্ৰস্ত আমগুৰিৰ মূগাপালক

প্ৰায় 50 ৰ পৰা 60 হাজাৰ মূগা বৰ্তমান নষ্ট হৈছে মূগা পালক সকলৰ ৷ মূগা পালক সকলে জানিবলৈ দিয়া অনুসৰি, মৃত্যু হোৱা মূগাবোৰৰ ভিতৰত অধিকাংশই আছিল মাইকী মূগা পলু ৷ ভুক্তভোগী মূগাপালক সকলে সম্প্ৰতি চৰকাৰৰ পৰা বিচাৰিছে সহায়ৰ হাত ৷ তেওঁলোকে গৌৰীসাগৰস্থিত ৰেচম বিভাগক এই বিষয়ে অৱগত কৰিছে বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাবঃ পলাশবাৰীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন উপায়ুক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.