ETV Bharat / state

72 ঘন্টাৰ ভিতৰত শিৱসাগৰত উদ্ধাৰ দ্বিতীয়টো মৃতদেহ - sibsagor police

শিৱসাগৰত পুনৰ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় আন এটা মৃতদেহ ৷ মৃতদেহটো দৰিকাপাৰ নাওজান গাঁৱৰ বুদ্ধেশ্বৰ চাংমাইৰ বুলি চিনাক্ত কৰা হৈছে ।

72 ঘন্টাৰ ভিতৰত শিৱসাগৰত উদ্ধাৰ দ্বিতীয়টো মৃতদেহ

author img

By

Published : May 24, 2021, 3:38 PM IST

শিৱসাগৰ, 24মে': সোমবাৰে শিৱসাগৰত পুনৰ এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় চাঞ্চল্য ৷ ৭২ ঘন্টাৰ ভিতৰত জিলাখনত উদ্ধাৰ হয় দ্বিতীয়টো মৃতদেহ ৷

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত দৰিকাপাৰ নাওজান গাঁৱত উদ্ধাৰ হয় উৱলি যোৱা মৃতদেহটো ৷ দৰিকা নদীৰ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ মৃত্তদেহটো শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ থকা দৰিকাপাৰ নাওজান গাঁৱৰ বুদ্ধেশ্বৰ চাংমাইৰ বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে, পৰিয়ালৰ লোকে ব্যক্তিজন নিৰুদ্দেশ হৈ থকাৰ কথা লিখিত ভাৱে অৱগত কৰিছিল শিৱসাগৰ আৰক্ষী থানাত । ইপিনে ঘটনাস্থলীত আৰক্ষী তথা দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, তিনি দিন পুৰ্বেও নগৰ খনৰ বনীয়াবাৰীৰ দেৱলীয়া খাটতো উদ্ধাৰ হৈছিল আন এটা উৱলি যোৱা মৃতদেহ ৷ কৰ'ণাৰ আতংক আৰু সান্ধ্য আইনৰ মাজতেই এটাৰ পাচত আন এটাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এতিয়া জিলাখনত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷

অন্য এক খবৰৰ বাবে: কেৰালাৰ পৰা অহা 9 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.