শিৱসাগৰ, 22 ফেব্ৰুৱাৰীঃ শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত চলি থকা শিৱৰাত্ৰিৰ শনিবাৰে তৃতীয়টো দিনতো দেখা গ’ল ভক্তৰ ভিৰ ৷ পুৱাৰে পৰা চতুৰ্দশী পূজাত আশীষ ল’বলৈ শিৱ দৌলত দেখা গ’ল ব্যাপক ভিৰ ৷ উল্লেখ্য যে 1734 খ্ৰীষ্টাব্দতে বৰৰজা অম্বিকাই নিৰ্মাণ কৰা কৰদৈশিৰীয়া শিৱসাগৰৰ শিৱদৌল অসমৰ প্ৰাচীন ঐতিহাসিক উপাসনাথলী ৷ শিৱৰাত্ৰি উপলক্ষে ভক্তপ্ৰাণ ৰাইজৰ সমাগমত উথপথপ হৈ উঠে শিৱদৌলৰ পৰিৱেশ ৷
শিৱৰাত্ৰি পূজাৰ লগত সংগতি ৰাখি শিৱদৌলত মেলাৰো আয়োজন কৰা হয় ৷ মন্দিৰৰ সমান্তৰালকৈ এই মেলাতো যথেষ্ট লোকৰ সমাগম দেখা গ’ল তৃতীয় দিনটোতো ৷ ইয়াৰোপৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে সোণত সুৱগা চৰাইছে শিৱৰাত্ৰি মেলাৰ ৷ এই সাংস্কৃতিক অনুষ্ঠানত উত্তৰ-পূৱৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত অনুষ্ঠানৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যৰ বাহিৰেও নেপালৰ পৰা অহা সাংস্কৃতিক দলে পৰিৱেশন কৰিব অনুষ্ঠান ৷
আৰু পঢ়কঃসিদ্ধেশ্বৰ দেৱালয়ত পূজা আগবঢ়ালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই