ETV Bharat / state

দিখৌ নদীৰ পাৰত এটা কৃষি গোটৰ আত্ননিৰ্ভৰশীলতাৰ আখৰা - Self dependent movement at Amguri of Sivsagar

নাঙলৰ মুঠিত ধৰি প্ৰকৃত অসমীয়াগীৰি দেখুৱাইছে অংকুৰণ কৃষি গোট নামৰ এটা গোটৰ সদস্য সকলে ৷ মুখ্যমন্ত্ৰীৰ কৃষকৰ সপোন দুগুনলৈ বৃদ্ধি কৰাত পূৰ্ণ সহযোগিতাৰে আত্ম নিৰ্ভৰশীলতাৰ পথত অগ্ৰসৰ হৈছে গোটটোৰ সদস্যসকল ৷

Self dependent movement at Amguri of Sivsagar
দিখৌ নদীৰ পাৰত এটা কৃষি গোটৰ আত্ননিৰ্ভৰশীলতাৰ আখৰা
author img

By

Published : Nov 5, 2020, 1:54 PM IST

আমগুৰি, 5 নৱেম্বৰ: শিৱসাগৰ জিলাৰ শান্তিপুৰত দিখৌ নদীৰ পাৰত আৰম্ভ হৈছে এক সেউজ বিপ্লৱ ৷ দিখৌ নদীৰ পাৰৰ পলসুৱা কৃষিভূমিত কৃষি কৰ্মৰে আত্ন-নিৰ্ভৰশীলতাৰ নিৰ্দৰ্শন ডাঙি ধৰিছে অংকুৰণ কৃষি গোট নামৰ এটা গোটৰ সদস্য সকলে ৷ নাঙলৰ মুঠিত ধৰি প্ৰকৃত অসমীয়াগীৰি দেখুৱাইছে গোটটোৰ সদস্য সকলে ৷ মুখ্যমন্ত্ৰীৰ কৃষকৰ সপোন দুগুণলৈ বৃদ্ধি কৰাত পূৰ্ণ সহযোগিতাৰে আত্ম নিৰ্ভৰশীলতাৰ পথত অগ্ৰসৰ হৈছে গোটটোৰ সদস্যসকল ৷

দিখৌ নদীৰ পাৰত এটা কৃষি গোটৰ আত্ননিৰ্ভৰশীলতাৰ আখৰা

উল্লেখ্য যে, বে-চৰকাৰী সন্থা মানৱ সেৱা সমিতিৰ অন্তৰ্গত অংকুৰণ কৃষি গোটে দিখৌ নদীৰ পাৰৰ পলসুৱা কৃষিভূমিত আলু,ৰঙালাও,মাকৈ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন ৰচিছে । প্ৰথম পৰ্যায়ত ২ লাখ টকা ব্যয় সাপেক্ষে 25 বিঘা কৃষি ভূমিত 10 লক্ষাধিক টকা উৰ্পাজনৰ লক্ষ্যৰে কৃষি কাৰ্যত নামি পৰিছে এইসকল কৃষক । সৰিয়হ,মচুৰ দাইল,বেলিফুল আদিৰ খেতিৰ জৰিয়তে কৃষকৰ উৎপাদন কেইবাগুণলৈ বৃদ্ধি কৰাৰ পৰিকল্পনাৰে আত্ম নিৰ্ভৰশীলতাৰ দিশেৰে খোজ দিছে এই সকল কৃষকে । যি সময়ত কৃষিজাত সামগ্ৰীৰ ব্যাপক মূল্য বৃদ্ধি হ'বলৈ ধৰিছে তেনে সময়ত অসমৰ কৃষকে নদীৰ পাৰৰ চন পৰি থকা ভূমিত কৃষি কাৰ্য কৰিলে যে লাভাৱাম্বিত হ'ব সেইয়া এই ছবিয়ে স্পষ্টকৈ পৰিস্ফূত কৰিছে।

লগতে পঢ়কঃ বানবিধ্বস্ত বিনপতি গাঁৱৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই চৰকাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.