ETV Bharat / state

Mission Bhumiputra Portal in Assam: ভূমিপুত্ৰ প'ৰ্টেলৰ বিৰোধিতা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ

author img

By

Published : Aug 10, 2022, 1:22 PM IST

মিছন ভূমিপুত্ৰ প'ৰ্টেলৰে জাতিগত প্ৰমাণ পত্ৰ প্ৰদানৰ ব্যৱস্থাৰ বিৰোধিতা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ(Scheduled Caste Students Union)। সন্থাই চৰকাৰক অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ থকা লোক সকলৰ এক নিৰপেক্ষ সম্পৰীক্ষা কৰি ভুৱা জাতিগত প্ৰমাণপত্ৰ লাভ কৰা সকলক চিনাক্ত কৰিবলৈ আহবান জনাইছে ।

Mission Bhumiputra Portal in Assam
ভূমিপুত্ৰ প'ৰ্টেলৰ বিৰোধিতা অনুসূচীত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ, ১০ আগষ্ট:অসম চৰকাৰৰ মিছন ভূমিপুত্ৰ প'ৰ্টেলৰ দ্বাৰা ডিজিটেলী জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ ব্যৱস্থাৰ বিৰুদ্ধে সৰৱ হৈছে অনুসূচীত জাতি ছাত্ৰ সন্থা(Scheduled Caste Students Union)। এই ডিজিটেল ব্যৱস্থাৰ দ্বাৰা প্ৰদান কৰা জাতিগত প্ৰমাণ পত্ৰত (SC Certificate)বহু বিসংগতি থকা বুলি অভিযোগ উত্থাপন কৰিছে অনুসূচীত জাতি ছাত্ৰ সন্থাই । তদুপৰি ইয়াৰ জৰিয়তে বহু ভুৱা অনুসূচীত জাতিৰ লোকে বৈধ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ সন্থাই আশংকা প্ৰকাশ কৰিছে ।

এই সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে অনুসূচীত জাতি ছাত্র সন্থাৰ সম্পাদক পৰশজ্যোতি দাসে । বুধবাৰে ভূমিপুত্ৰ প'ৰ্টেলৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি সম্পাদকগৰাকীয়ে কয় যে যোৱা ১ আগষ্টত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Chief Minister Dr Himanta Biswa Sarma)আৰম্ভ কৰা ভূমিপুত্ৰ প'ৰ্টেল অনুসূচীত জাতিৰ বাবে এক অভিশাপ ৰূপে পৰিগণিত হ'ব । কিয়নো ইতিমধ্যে বহু লোকে অনুসূচীত জাতিৰ ভুৱা প্ৰমাণপত্ৰ লৈ এই প'ৰ্টেলৰ জৰিয়তে চৰকাৰী ভাৱে বৈধ অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

অনুসূচীত জাতি ছাত্ৰ সন্থাই চৰকাৰক অনুসূচীত জাতিৰ প্ৰমাণপত্ৰ থকা লোক সকলৰ এক নিৰপেক্ষ সম্পৰীক্ষা কৰি ভুৱা জাতিগত প্ৰমাণপত্ৰ লাভ কৰা সকলক চিনাক্ত কৰিবলৈ আহবান জনাইছে । এনে শংকাৰ বাবেই সন্থাই চৰকাৰৰ এনে প'ৰ্টেল প্ৰৱৰ্তন কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । এই প'ৰ্টেল ব্যৱস্থাই অনুসূচীত জাতিৰ জনগাঠনি, সাংস্কৃতিক আধাৰ আৰু অৰ্থনৈতিক অৱস্থাত বিৰূপ প্ৰভাৱ পেলাব বুলি অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক গৰাকীয়ে শংকা প্ৰকাশ কৰিছে । তেওঁ এই ব্যৱস্থা শীঘ্ৰেই বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে।নহ'লে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিছে অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:Allowance of Assam home guard : বৃদ্ধি হ’ল অসমৰ গৃহৰক্ষী জোৱানৰ ভাট্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.