ETV Bharat / state

গৌৰীসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Jun 5, 2020, 9:43 AM IST

গৌৰীসাগৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা পকী নলাত ব্যাপক বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ অতি নিম্নমানৰ সামগ্ৰীৰে ঠিকাদাৰে নলা সমূহ নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰ পিছতে পকী নলা আৰু শ্লেবত ফাট মেলাৰ লগতে বহু অংশ বহি যোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ৷

Scam allegations against contractor at Gaurisagar of Sivsagar
গৌৰীসাগৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ

আমগুৰি, 5 জুন: শিৱসাগৰৰ গৌৰীসাগৰত ঠিকাদাৰৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ ৷ গৌৰীসাগৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰ্মাণ কৰা পকী নলাত ব্যাপক বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ঠিকাদাৰৰ বিৰুদ্ধে ৷ অতি নিম্নমানৰ সামগ্ৰীৰে ঠিকাদাৰে নলা সমূহ নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণৰ পিছতে পকী নলা আৰু শ্লেবত ফাট মেলাৰ লগতে বহু অংশ বহি যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ উপৰিও ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ লোহা ব্যৱহাৰ কৰাৰ অভিযোগ উঠাৰ লগতে একাংশ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ স্বত্ত্বাধিকাৰীয়ে নিজে লোহা কিনি দি পকী নলা মজবুতকৈ নিৰ্মাণ কৰিবলৈ দিয়া বুলি প্ৰকাশ কৰিছে ।

আনহাতে চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম লেহেমীয়া গতিত হোৱাৰ বাবেই দ' গাঁতৰ সৃষ্টি হোৱাৰ বাবে ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপিত কৰিছে বহু ব্যৱসায়ীয়ে ৷ এইক্ষেত্ৰত একাংশ সচেতন লোকে ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰে পথৰ নিৰ্মাণ কাৰ্য সম্পাদন কৰিবলৈ আহ্বান জনাইছে ৷ লগতে বিভাগীয় কৰ্তৃপক্ষক এই সন্দৰ্ভত বিশেষ ভাৱে তদাৰক কৰিবলৈ আহ্বান জনাইছে সচেতন ৰাইজে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী লৈ বোন্দাপৰ : ক্ষোভিত সাংবাদিকে দিলে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.