শিৱসাগৰ,19 জুন: শিৱসাগৰ প্ৰেছ ক্লাৱৰ উদ্যোগত শনিবাৰে শিৱসাগৰ কলেজত অনুষ্ঠিত হয় প্ৰয়াত শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠান(Sarat Mahanta Memorial Lecture Programme in Sivasagar) । শিৱসাগৰৰ জিলা উপায়ুক্ত মেঘ নিধি দহালে এই অনুষ্ঠানটো উদ্বোধন কৰে । অনুষ্ঠানত "উপন্যাসত স্ৰষ্টাৰ জীৱন অভিজ্ঞতাৰ প্ৰতিফলন" শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট ঔপন্যাসিকা ড° ৰীতা চৌধুৰীয়ে (Novelist Dr Rita Chaudhary Participated In Sarat Mahanta Memorial Lecture)। ঔপন্যাসিকা ড° ৰীতা চৌধুৰীয়ে বিষয়টো সন্দৰ্ভত কয়, ‘‘আমি যি সৃষ্টি কৰোঁ সেয়াই সময়ক প্ৰতিনিধিত্ব কৰে । সময়ৰ লগে লগে যি ধ্যান-ধাৰণা সলনি হয়, সেয়া সাহিত্যত প্ৰতিফলিত হয়’’ ৷
ঔপন্যাসিকাগৰাকীয়ে বৰ্তমান সমাজ ব্যৱস্থা জটিল হৈ আহিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য় কৰে । সাহিত্যতো এই দিশৰ প্ৰতিফলন ঘটে বুলি ড° ৰীতা চৌধুৰীয়ে কয় । উপন্যাসত আমি স্ৰষ্টাৰ জীৱন অভিজ্ঞতা বিচাৰি উলিয়াব পাৰোঁ বুলিও বক্তব্য আগবঢ়ায় বিশিষ্ট ঔপন্যাসিকাগৰাকীয়ে । ইয়াৰ উপৰিও তেওঁ কয় ,‘‘সম্প্ৰতি আমি ব্যক্তিবাদৰ চৰম সীমাত উপনীত হৈছোঁ । এয়া মোৰ জীৱন, মোৰ সময়-এনে ধৰণৰ যুক্তি মনত প্ৰথম আহে আজি-কালিৰ সন্তানৰ মনত’’ । নিজে কেনেধৰণৰ পৰিৱেশত ডাঙৰ হৈছিল সেই বিষয়েও অনুষ্ঠানটোত তেওঁ কয় ।
অসমীয়া সাহিত্য়ৰ অন্য়তম জনপ্ৰিয় 'দেওলাংখুই', 'মাকাম' আদি উপন্যাসত ড° চৌধুৰীয়ে জীৱনত বিভিন্ন দিশত লাভ কৰা অভিজ্ঞতা কেনেধৰণে প্ৰকাশ কৰিছে সেই বিষয়েও উল্লেখ কৰে । ইপিনে, উক্ত অনুষ্ঠানতে প্ৰয়াত শিক্ষাবিদ শৰৎ মহন্তৰ পুত্ৰ তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তৰ এখন গ্ৰন্থ Gender, State and Society উন্মোচন কৰে ড° ৰীতা চৌধুৰীয়ে । প্ৰয়াত শৰৎ মহন্তৰ নাতিনী অশ্বিকা মহন্তৰ Celeste নামৰ এখন কাব্য গ্ৰন্থও উন্মোচন কৰা হয়।
আনহাতে, এই অনুষ্ঠানটোতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰমিছা ফাৰিহা নামৰ ছাত্ৰীগৰাকীক কৃতী শিক্ষাৰ্থী বঁটা প্ৰদান কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, অসম মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য, শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক শৰৎ মহন্তৰ মৃত্যু বার্ষিকীৰ সৈতে সংগতি ৰাখি বছৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি অহা হৈছে ।
লগতে পঢ়ক:প্ৰকৃতিৰ কালৰূপ: এনিশাৰ ভিতৰতে নদীৰ বুকুত বিলীন হ'ল 10 বিঘা চাহ বাগান