ETV Bharat / state

Saat Bihu in Sivasagar: শিপাৰ সন্ধান বিচাৰি নষ্টালজিক হৈ পৰিল শিৱসাগৰবাসী - জেং বিহু প্ৰদৰ্শন

শিপাৰ সন্ধান বিচাৰি শিৱসাগৰত অনুষ্ঠিত হ’ল এক ব্যতিক্ৰমী অনুষ্ঠান ৷ অনুষ্ঠানটোৰ জৰিয়তে সজীৱ কৰা কৰাৰ কৰাৰ চেষ্টা কৰা হ’ল শৈশৱৰ স্মৃতিক ৷ সাত বিহুৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটোত প্ৰদৰ্শিত কৰা হ’ল অধুনিকতাৰ ধামখুমীয়াত হেৰাই যাবলৈ ধৰা বহু পৰম্পৰাগত খেল-ধেমালি (Saat Bihu celebration in Sivasagar) ৷

Saat Bihu in Sivasagar
শিপাৰ সন্ধান বিচাৰি নষ্টালজিক হৈ পৰিল শিৱসাগৰবাসী
author img

By

Published : Apr 22, 2022, 6:18 PM IST

শিৱসাগৰ, 22 এপ্ৰিল : শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত উদযাপিত হ'ল এক ব্যতিক্ৰমী অনুষ্ঠান ’শিপাৰ সন্ধানত এদিন’ । শৈশৱৰ স্মৃতিক সজীৱ কৰাৰ উদ্দেশ্যেৰে শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত আয়োজিত হয় এই ব্যতিক্ৰমী অনুষ্ঠান । ৰংমন ঢুলীয়াৰ ঢোলৰ চাপৰত ৰাংঢালী নাচনীয়ে হেঁপাহ পলুৱাই নাচি বাপতি সাহোন ৰঙালী বিহুক জনালে বিদায় (Rongali Bihu celebration in Sivasagar)।

থলুৱা পৰম্পৰাগত খেল-ধেমালিৰ প্ৰদৰ্শনৰ লগতে শিৱসাগৰ জিলা উপায়ুক্তগৰাকীৰ দ্বাৰা নঙলা মুকলি কাৰ্যসূচীৰে অনুষ্ঠানটোৰ উদ্বোধন কৰা হয় । শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত ‘শিপাৰ সন্ধানত এদিন’ অনুষ্ঠানৰ মূল উদ্দেশ্য হ’ল সময়ৰ গৰ্ভত আধুনিকতাৰ ধামখুমীয়াত হেৰাই যোৱা অসমীয়াৰ পম্পৰাগত খেল-ধেমালিক নৱ প্ৰজন্মৰ সৈতে চিনাকি কৰাই দিয়া ।

শিপাৰ সন্ধান বিচাৰি নষ্টালজিক হৈ পৰিল শিৱসাগৰবাসী

৬০ উৰ্ধৰ বয়োজ্যেষ্ঠৰ দ্বাৰা হুঁচৰি পৰিৱেশনৰ লগতে চেমনীয়া হুঁচৰি আৰু জেং বিহু প্ৰদৰ্শন আদি অনুষ্ঠানেৰে জীপাল হ’ল বৰ্ডিং খেলপথাৰ ।

শৈশৱৰ সোণালী সময়বোৰক আকৌ এবাৰ ৰোমন্থন কৰা আৰু নষ্টালজিক হ’বলৈ শিপাৰ সন্ধানত এদিন অনুষ্ঠানটোত অসমীয়া পৰম্পৰাৰ অবিচ্ছেদ্য অংগ বিলুপ্তপ্ৰায় ঢোপ খেল, কড়ী খেল, হৈ-গুদু, হেতালী, বাঘ গৰু, লহৰী খেল, ঘিলাখেল আৰু ৰচী টনা আদি খেল প্ৰদৰ্শন কৰা হয় (Traditional games of Assam) । স্মাৰ্ট ফোনৰ চমকত বন্দী আধুনিক সময়ত নৱ প্ৰজন্মৰ অত্যাধিক পঢ়াৰ বোজা আৰু প্ৰতিযোগিতামূলক জীৱনত হেৰাই যোৱা আজিৰ শৈশৱক উপস্থাপন কৰাৰ চেষ্টা কৰে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই ।

বিহুৰ বাকৰিত অসমীয়া জুইশাল আৰু কৃষিকৰ্মত ব্যৱহৃত বিভিন্ন সা-সঁজুলীয়ে বাকৰিক এক অনন্য মাত্ৰ প্ৰদান কৰে । সম্পূৰ্ণ চহা অসমীয়া পৰিৱেশ উপস্থাপন কৰাৰ লগতে বিহুৰ স্বকীয়তাক বজাই ৰাখি বিহুক কেনেদৰে উদযাপন কৰা যায় তাকেই উপস্থাপন কৰা হয় (Saat Bihu celebration in Sivasagar)। পুৱা পতাকা উত্তোলন কৰা লগতে স্মৃতি তৰ্পণ কাৰ্যসূচীও আছিল আগতানুগতিক । বিহুৰ আদি পুৰুষ ধনকলীয়া আৰু কলীমতীকো স্মৰণ কৰা হয় অনুষ্ঠানটোত ।

লগতে পঢ়ক: থিয় নামেৰে বৰপেটা সত্ৰত সামৰণি পৰিল সাত বিহুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.