ETV Bharat / state

ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা - টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংপুৰ মেলা

শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংপুৰ মেলা ৷ এই ৰংপুৰ মেলাক কেন্দ্ৰ কৰি ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছে বৰ্ণিল কাৰ্যসূচী ৷

rongpur utsav
ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা
author img

By

Published : Jan 16, 2020, 7:57 PM IST

শিৱসাগৰ,16 জানুৱাৰীঃ উদুলি মুদুলি ৰংঘৰৰ বাকৰি ৷ পহিলা মাঘৰ দিনা টাই আহোম যুৱ পৰিষদৰ উদ্যোগত ৰংঘৰ বাকৰিত অনুষ্ঠিত হৈছে ৰংপুৰ মেলা ৷ মাঘ মাহৰ ৰংপুৰ মেলা উপলক্ষে অনুষ্ঠিত হৈছে বিভিন্ন বৰ্ণিল কাৰ্যসূচী ৷ কেৱল সাংস্কৃতিক কাৰ্যসূচীয়েই নহয় ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজন কৰা হয় চিত্ৰাংকন,ৰচী টনা,পিছল খুটা বগুৱা আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ ।

ৰংঘৰৰ বাকৰিত ৰংপুৰ মেলা

পুৱাৰ পৰা পতাকা উত্তোলন,মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে। দিগন্ত তামুলীয়ে নিজৰ ভাষণত প্ৰাচীন ৰংপুৰৰ ঐতিহ্য,সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে বিগত ১০ বছৰ ধৰি ৰংপুৰ মেলাৰ আয়োজন কৰি অহা হৈছে বুলি প্ৰকাশ কৰে। অনুষ্ঠানৰ মাজতে দিগন্ত তামুলীয়ে জাতিধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিল কৰাৰ দাবী উত্থাপন কৰি আগন্তুক নিৰ্বাচনত শাসকীয় বিজেপি দলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায় ৰাইজক।

ৰংপুৰ মেলা উপলক্ষে প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ "চে মুন" উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি দিলীপ বুঢ়াগোহাঁয়ে। উল্লেখ্য যে টাই আহোম যুৱ পৰিষদে ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে ৰংঘৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে ৷ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পৰিপেক্ষিতত বৃহস্পতিবাৰে ৰংঘৰৰ বাকৰিত পৰম্পৰাগত ম'হ যুজঁ অনুষ্ঠিত নহ'ল যদিও পৰিলক্ষিত হ'ল ব্যাপক জন সমাগম ৷

লগতে পঢ়কঃউত্তৰ প্ৰদেশৰ পিছত এইবাৰ হাৰিয়ানাত কৰ মুক্ত হ'ল তানহাজী

Intro:Body:*ৰংঘৰ বাকৰিত ৰংপুৰ মেলা: উদুলি মুদুলি ৰংঘৰ বাকৰি :CAA ৰ বিৰোধিতা কৰি পৰৱৰ্তী নিৰ্বাচনত ৰাইজক প্ৰত্যুত্তৰ দিবৰ বাবে আহ্বান-তাই আহোম যুৱ পৰিষদৰ*

Story: Rongpur utsav
Ananta Smith
Sivasagar
16th January

তাই আহোম যুৱ পৰিষদৰ উদ্যোগত আজি শিৱসাগৰৰ ৰংঘৰ বাকৰিত ৰংপুৰ মেলা অনুষ্ঠিত হয়।

পহিলা মাঘত অনুষ্ঠিত এই মেলা উপলক্ষে আজি ৰংঘৰ বাকৰি উদুলি মুদুলি হৈ পৰে।

তাই আহোম,বড়ো,তিৱা,গাৰো বিহুকে ধৰি বহুকেইটা জনগোষ্ঠীয় সাংস্কৃতিক দলে এই অনুষ্ঠানত বৰ্ণিল কাৰ্যসূচী পৰিবেশন কৰে।

পুৱা পতাকা উত্তোলন, মৈদাম তৰ্পণ অনুষ্ঠানৰ পাছত ৰংপুৰ মেলা আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিগন্ত তামুলীয়ে।তামুলীয়ে নিজৰ ভাষণত প্ৰাচীন ৰংপুৰৰ ঐতিহ্য,সমন্বয় আৰু সম্প্ৰীতিৰ বান্ধোন শক্তিশালী কৰাৰ বাবে বিগত ১০ বছৰ ধৰি ৰংপুৰ মেলাৰ আয়োজন কৰি অহা হৈছে বুলি প্ৰকাশ কৰে।লগতে তামুলীয়ে জাতি ধ্বংসী সংশোধিত নাগৰিকত্ব আইন বাতিল কৰাৰ দাবী ৰংঘৰ বাকৰিৰ পৰা উত্থাপন কৰি আগন্তুক নিৰ্বাচনত শাসকীয় বি জে পি দলক যোগ্য প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনায়।

কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ছাত্র ছাত্ৰীৰ মাজত চিত্ৰাংকন,ৰচী টনা,পিছল খুটা বগুৱা আদিকে ধৰি ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হয়।

ৰংপুৰ মেলা উপলক্ষে প্ৰকাশ পোৱা স্মৃতি গ্ৰন্থ "চে মুন" উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি দিলীপ বুঢ়াগোহাঁয়ে।

উল্লেখ্য যে তাই আহোম যুৱ পৰিষদে ২০১১ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে ৰংঘৰ বাকৰিত ৰংপুৰ মেলাৰ আয়োজন কৰি আহিছে।

ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ পৰিপেক্ষিতৰ আজি ৰংঘৰ বাকৰিত পৰম্পৰাগত মহ যুজঁ অনুষ্ঠিত নহল যদিও ৰংঘৰ বাকৰিত ব্যাপক জন সমাগম হোৱা দেখা যায়

Bite1 : দিগন্ত তামুলী/সভাপতি/
তাই আহোম যুৱ পৰিষদConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.