ETV Bharat / state

ডিমৌ আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ এটিএম চোৰ - ATM

দুৰ্ধৰ্ষ চোৰ দুটাৰ সৈতে জব্দ কৰে এটা গেছ কাটাৰ । কিন্তু বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই চুৰি ধনখিনি।

ডিমৌ আৰক্ষীৰ জালত দুটা দুৰ্ধৰ্ষ এ.টি.এম. চোৰ
author img

By

Published : May 16, 2019, 5:48 PM IST

শিৱসাগৰ,১৬ মে': ডিমৌত এটিএম লুট কাণ্ডৰ সৈতে জড়িত দুই চোৰক বুধবাৰে গ্ৰেপ্তাৰ কৰে ডিমৌ আৰক্ষীয়ে। চোৰ দুটা হৈছে ক্ৰমে,তাৰিফুল আলি আৰু চানাতুল্লা আলি। ইতিমধ্যে,চোৰ দুটাৰ ঘৰ হাজোত বুলি জানিব পৰা গৈছে। এক বিশেষ সূত্ৰৰ পম খেদি শিৱসাগৰ আৰু ডিমৌ আৰক্ষীয়ে চোৰ দুটাক কৰায়ত্ব কৰে আৰু চোৰ দুটাৰ পৰা এটা গেছ ভৰ্তি চিলিণ্ডাৰ আৰু গেছ কাটাৰ জব্দ কৰিবলৈ সক্ষম হয় কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে চোৰ দুটাৰ পৰা লুট কৰা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

ডিমৌ আৰক্ষীৰ জালত দুটা দুৰ্ধৰ্ষ এ.টি.এম. চোৰ

উল্লেখযোগ্য যে,৮ মে'ত ডিমৌৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ এছবিআইৰ এটিএম ভাঙি চোৰে লুটি নিছিল ৮ লাখ ৮৭ হাজাৰ ৯০০ টকা। ইপিনে দুই চোৰে গেছ কাটাৰ লৈ এটিএমটো কাটি নগদ ধন লুট কৰি লৈ যোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভিৰ কেমেৰাত। এই ঘটনাৰ লগত আৰু চাৰিটা চোৰ জড়িত আছিল বুলি চোৰ দুটাই আৰক্ষীৰ সন্মুখত উল্লেখ কৰে। শিৱসাগৰ জিলা আৰক্ষীয়ে অধীক্ষক বলীন দেউৰীক জানিবলৈ দিয়া মতে,শীঘ্ৰে বাকীকেইটা চোৰো আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। লগতে ডিমৌত শেহতীয়াকৈ চোৰৰ তাণ্ডৱ বৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে।

*ডিমৌ আৰক্ষীৰ জালত দুটা দুৰ্ধৰ্ষ এ.টি.এম. চোৰ-- জব্দ গেছ কাটাৰ, উদ্ধাৰ ন'হল চুৰি ধন*
Story-DACOIT_ARRESTED
Ananta Smith
Sivasagar
26th May

A_SVR_16TH_MAY_806-807_DACOIT_ARRESTED_7203499

ডিমৌত এ.টি.এম. লুট কাণ্ডৰ সৈতে জড়িত দুই চোৰক বুধবাৰে গ্ৰেপ্তাৰ কৰে ডিমৌ আৰক্ষীয়ে। চোৰ দুটা হৈছে তাৰিফুল আলি আৰু চানাতুল্লা আলি, দুয়োটাৰে ঘৰ হাজোত। এক বিশেষ সুত্ৰৰ পম খেদি শিৱসাগৰ আৰু ডিমৌ আৰক্ষীয়ে চোৰ দুটাক কৰায়ত্ব কৰে আৰু চোৰ দুটাৰ পৰা এটা গেছ ভৰ্তি চিলিণ্ডাৰ আৰু গেছ কাটাৰ জব্দ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীয়ে চোৰ দুটাৰ পৰা লুট কৰা নগদ ধন উদ্ধাৰ কৰিবলৈ সক্ষম নহল। ৮ মে'ত ডিমৌৰ কেন্দ্ৰীয় বজাৰৰ সমীপৰ এছ.বি.আইৰ এ.টি.এম. ভাঙি চোৰে লুটি নিছিল ৮ লাখ ৮৭ হাজাৰ ৯০০ টকা। ইপিনে দুই চোৰে গেছ কাটাৰ লৈ এ.টি.এম.টো কাটি নগদ ধন লুট কৰি লৈ যোৱাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চি.চি.টিভি কেমেৰাত। এই ঘটনাৰ লগত আৰু চাৰিটা চোৰ জড়িত আছিল বুলি চোৰ দুটাই আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। শীঘ্ৰে চোৰকেইটা আৰক্ষীৰ জালত পৰা সম্ভাৱনা আছে বুলি শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক বলীন দেউৰীয়ে জানিবলৈ দিয়ে। ইফালে, ডিমৌত শেহতীয়াকৈ চোৰৰ তাণ্ডৱ বৃদ্ধি হোৱাত উদ্বেগ প্ৰকাশ কৰে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.