ETV Bharat / state

শিৱসাগৰত পৰিবহণ নিগমৰ ৩৭ গৰাকী কৰ্মচাৰীক ছাটাই

কোনো কাৰণ উল্লেখ নকৰাকৈ হঠাৎ অব্যাহতি দিয়া হ'ল শিৱসাগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ ৩৭ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীক (Removal of ASTC staff in Sivasagar)। যোৱা জানুৱাৰী মাহত নিযুক্তি দিয়া কৰ্মচাৰীক ছাটাই কৰাক লৈ ক্ষোভিত কৰ্মচাৰীসকল । পৰিবহণ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰ্মচাৰীসকলৰ ।

author img

By

Published : Aug 25, 2022, 3:13 PM IST

ASTC
শিৱসাগৰত পৰিবহণ নিগমৰ ৩৭ গৰাকী কৰ্মচাৰীক ছাটাই

শিৱসাগৰ,২৫ আগষ্ট : অসম ৰাজ্যিক পৰিবহণ নিগমৰ আচৰিত কাণ্ড । প্ৰথমে সাক্ষাৎকাৰ লৈ নিযুক্তি প্ৰদান আৰু তাৰ পাছত কোনো কাৰণ নোহোৱাকৈ কামৰ পৰা অব্যাহতি ঠিকাভিত্তিক কৰ্মচাৰীক (ASTC Contractual Employee relieved)। অসম ৰাজ্যিক পৰিবহণ নিগমৰ এই কাৰ্যত ক্ষোভিত কৰ্মচাৰীসকল । এই ঘটনাক লৈ উত্তাল শিৱসাগৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় ।

জানিব পৰা মতে চলিত বৰ্ষৰ ৭ জানুৱাৰীত পৰিবহণ নিগমৰ বাছসমূহৰ বাবে নিযুক্তি দিয়া হৈছিল ৩৭ গৰাকী সহায়ক তথা চাফাই কৰ্মচাৰীক । সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তি দিয়া হৈছিল ঠিকাভিত্তিক কৰ্মচাৰীসকলক । কিন্তু এবছৰ নহওতেই গুৱাহাটীস্থিত পৰিচালন সঞ্চালকে এক নিৰ্দেশনা যোগে ঠিকাভিত্তিক কৰ্মচাৰীসকলক ছাটাই কৰাৰ নিৰ্দেশ দিয়ে । সেই নিৰ্দেশনা অনুসৰি কোনো স্পষ্ট কাৰণ উল্লেখ নকৰাকৈয়ে কামৰ পৰা অব্যাহতি দিয়া হয় কৰ্মচাৰীসকলক ।

যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৰ্মচাৰীসকলৰ মাজত । অব্যাহতি দিয়া কৰ্মচাৰীসকলে অভিযোগ কৰা মতে তেওঁলোকে অইন কাম এৰি পৰিবহণ নিগমত যোগদান কৰিছিল । কিন্তু এতিয়া কোনো কাৰণ উল্লেখ নকৰাকৈ চাকৰিৰ পৰা অব্যাহতি দিয়াত সমস্যাত পৰিছে কৰ্মচাৰীসকল ।

তেওঁলোকৰ ভৱিষ্যৎ অনিশ্চয়তাৰ মাজত সোমাই পৰিছে বুলিও উদ্বেগ প্ৰকাশ কৰে কৰ্মচাৰীসকলে । ইফালে কৰ্মচাৰীসকলক অব্যাহতি দি বিমোৰত পৰিছে শিৱসাগৰ জিলা পৰিবহণ নিগম ।

জানিব পৰা মতে অধীক্ষক সত্যজিৎ গগৈয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাসৰ নিৰ্দেশনা মতেই এখন ব'ৰ্ড গঠন কৰি বৈধ প্ৰক্ৰিয়াৰে যুৱকসকলক নিযুক্তি দিছিল । কিন্তু কি কাৰণত তেওঁলোকক অব্যাহতি দিবলৈ কোৱা হ'ল তেওঁ নিজেও অজ্ঞাত বুলি প্ৰকাশ কৰিলে অধীক্ষকগৰাকীয়ে । ইফালে পৰিবহণ বিভাগৰ এনে কৰ্মকাণ্ডত ক্ষোভিত হৈ পৰিছে কৰ্মচাৰীসকল (ASTC employees protest against discharge)। বৃহস্পতিবাৰে তেওঁলোকে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে । লগতে তেওঁলোকক ন্যায় প্ৰদানৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :মাজুলীৰ মুখা শিল্পক অপমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.