আমগুৰি, ২৯ আগষ্ট: শিৱসাগৰ জিলাৰ নামতিত সোমবাৰে নিশা পলাতক হৈ থকা এটা ধৰ্ষণ অভিযুক্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে গাঁওৰক্ষী বাহিনীৰ এজন যুৱকক ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ নামতি অঞ্চলত । জানিব পৰা মতে, পলাতক ধৰ্ষণ অভিযুক্তটোৱে সঞ্জু নামৰ এজন গাঁওৰক্ষী বাহিনীৰ এজন যুৱকক ছুৰীৰে মুখমণ্ডলত আক্ৰমণ কৰে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, অভিযুক্তটোৱে তিনি বছৰৰ পূৰ্বে নিজৰ কণিষ্ঠ কন্যাক যৌন নিৰ্যাতন চলাই কাৰাবাস খাটিছিল । ইয়াৰ পিচত নিজ পত্নীয়ে বুজাবুজি কৰি স্বামীক কাৰাগাৰৰ পৰা মুকলি কৰি আনিছিল । কিন্তু কাৰাবাস খাটিও শুধৰণি নহ’ল ধৰ্ষণকাৰীটোৰ চৰিত্ৰ ৷
ঘৰলৈ আহিয়েই পুনৰ চাৰিদিনৰ পূৰ্বে নিজ কণিষ্ঠ কন্যাক যৌন নিৰ্যাতন চলাই ধৰ্ষণকাৰীটোৱে ৷ এই ঘটনাৰ কথা গম পায় পুনৰ পত্নীয়ে নামতি আৰক্ষীক সকলো কথা অৱগত কৰে ৷ পত্নীৰ অভিযোগৰ ভিত্তিত নামতি আৰক্ষীয়ে ধৰ্ষণকাৰীটোক বিচাৰ খোচাৰ কৰে যদিও এইবাৰ আৰক্ষীৰ ভয়ত ঘৰৰ পৰা পলায়ন কৰে ধৰ্ষণকাৰীটোৱে ৷
নামতি আৰক্ষীয়ে যোৱা তিনিদিন ধৰি অভিযুক্তটোৰ বিচাৰ খোচাৰ অব্যাহত ৰাখিছিল ৷ সোমবাৰে নিশা ধৰ্ষণকাৰীটোৱে নিজ গৃহত ভাত ৰান্ধি থকা অৱস্থাত গাঁওৰক্ষী বাহিনীয়ে প্ৰত্যক্ষ কৰি ধৰিবলৈ যাওঁতেই চুৰিৰে মুখমণ্ডলত আক্ৰমণ কৰি পলায়ন কৰে ধৰ্ষণকৰীটোৱে ৷
ইয়াৰ পিচতে সোমবাৰে নিশা নামতি আৰক্ষী, আমগুৰি আৰক্ষী আৰু হালোৱাটিং আৰক্ষীয়ে ধৰ্ষণকাৰীটোক বিচাৰি অভিযান চলায় । নিশা অভিযানত আৰক্ষীয়ে হাবিৰ মাজে মাজে ধৰ্ষণকাৰী পাষণ্ডটোক বিচাৰি চলাথ কৰে যদিও ধৰ্ষণকাৰী পাষণ্ডটোক আটক কৰিবলৈ সক্ষম নহ'ল । সম্প্ৰতি আৰক্ষীয়ে ধৰ্ষণকাৰীটোত ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে ৷ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিছে স্থানীয়ো লোকে ৷
লগতে পঢ়ক: Operation against drugs: ড্ৰাগছ আসক্তক আটক কৰি আৰক্ষীক গতালে আছুৰ সদস্যই