শিৱসাগৰ, 20 ফেব্ৰুৱাৰী : যোৱা ২১ ডিচেম্বৰ তাৰিখে কুইপ নামৰ তৈল কোম্পানীত কৰ্মৰত দুই কৰ্মচাৰী ক্ৰমে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফাই চৰম শাস্তি প্ৰদান কৰিব বুলি শুকুৰবাৰে বিজ্ঞপ্তি প্ৰদানৰ পাছতেই শিৱসাগৰত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া ।
ইতিমধ্যে শিৱসাগৰৰ বিভিন্ন দল-সংগঠনে আলফাৰ এনে সিদ্ধান্তক সমালোচনা কৰাৰ লগতে অনতিপলমে দুই কৰ্মচাৰীৰ মুক্তিৰ আহ্বান জনাইছে । শণিবাৰে সন্ধিয়া শিৱসাগৰ নগৰৰ ঐতিহাসিক শিৱ দ'লত ৰংপুৰীয়া ৰাইজৰ উদ্যোগত প্ৰণৱ কুমাৰ গগৈৰ লগতে ৰাম কুমাৰক মুক্তিৰ আহ্বান জনাই এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
দ'লত সমৱেত হোৱা শিৱসাগৰীয়া ৰাইজে শিৱ দ'লত বন্তি প্ৰজ্বলন কৰি আলফা স্বাধীনৰ সেনাধক্ষ্য পৰেশ বৰুৱাক দুই অপহৃতক মুক্তি দিবৰ বাবে কাতৰ আহ্বান জনাইছে । আলফা (স্বাধীন) আৰু কুইপ কোম্পানীৰ মাজত থকা সংঘাতৰ বাবে নিৰীহ লোকক বলিৰ পঠা সজোৱা কাৰ্যক তীব্ৰ সমালোচনা কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত এই দুজন লোকক মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৰংপুৰীয়া ৰাইজে । অৱশ্যে এই দিশত অসম চৰকাৰৰ অৱহেলা আৰু নিৰৱ ভূমিকাকো তীব্ৰ সমালোচনা কৰিছে ৰাইজে ।
এতিয়া প্ৰশ্ন হয় ইতিমধ্যে পৰিয়ালৰ লোকৰ অশ্ৰুসিক্ত কাতৰ অনুৰোধ উপেক্ষা কৰা আলফা প্ৰধান পৰেশ বৰুৱাই ৰংপুৰীয়া ৰাইজৰ আহ্বানক সন্মান প্ৰদৰ্শন কৰিব নে ?
লগতে পঢ়ক:অপহৃত কুইপৰ দুই বিষয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অইলে