ETV Bharat / state

অখিল গগৈক বিধানসভালৈ অপৰাধীৰ দৰে নিয়া কাৰ্যক গৰিহণা ৰাইজৰ দলৰ

author img

By

Published : May 21, 2021, 7:31 PM IST

শিৱসাগৰৰ নৱ নিৰ্বাচিত জন প্ৰতিনিধি অখিল গগৈ সন্ত্ৰাসবাদী নহয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰৰ ফেচিষ্টবাদী চৰিত্ৰ দেখিবলৈ পালে অসমৰ ৰাইজে ৷ এই মন্তব্য ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।

অখিল গগৈক বিধানসভা লৈ অপৰাধীৰ দৰে লৈ যোৱা কাৰ্যক গৰিহণা ৰাইজৰ দলৰ

শিৱসাগৰ,21 মে’: ন্যায়ালয়ৰ অনুমতি সাপেক্ষে শুকুৰবাৰে অসম বিধানসভাত শপত গ্ৰহণৰ বাবে যিদৰে শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈক বিধানসভালৈ লৈ যোৱা হ'ল, তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । আৰক্ষী আৰু দণ্ডাধীশৰ ব্যৱহাৰত ক্ষুণ্ণ হৈ বিধায়ক গৰাকীক এইদৰে ব্যক্তি স্বাধীনতা খৰ্ব কৰি সকলো অধিকাৰ শেষ কৰি বিধানসভালৈ লৈ যোৱা কাৰ্যক তীব্ৰ গৰিহণা দিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাই ।

তেওঁলোকে কয় যে, শিৱসাগৰৰ নৱ নিৰ্বাচিত জন প্ৰতিনিধি অখিল গগৈ সন্ত্ৰাসবাদী নহয় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি দলৰ চৰকাৰৰ ফেচিষ্টবাদী চৰিত্ৰ দেখিবলৈ পালে অসমৰ ৰাইজে ।

উল্লেখযোগ্য যে, যোৱা সপ্তাহত গুৱাহাটীৰ এন আই এ আদালতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ বৰ্তমান সময়ত কাৰাৰুদ্ধ অখিল গগৈক অনুমতি প্ৰদান কৰিছিল । ৰাজদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা ২০১৯ চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা অখিল গগৈয়ে আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা বিধায়ক হিচাপে শপত ল’বলৈ যাওতে বিধায়ক গৰাকীক এনে দুৰ্ব্যৱহাৰ কৰে ।

মন কৰিবলগীয়া যে, ২০২১ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনত ১০৮ নং শিৱসাগৰ সমষ্টিত বিজেপিৰ সুৰভী ৰাজকুঁৱৰীক প্ৰায় ১২ হাজাৰ ভোটত পৰাজিত কৰিছিল অখিল গগৈয়ে । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি কাৰাগাৰত বন্দী হৈ থকা তথা শিৱসাগৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক অখিল গগৈয়ে শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন বিধানসভা অধিৱেশনত বিধায়ক হিচাপে শপত লৈছে ।

একেদৰে ৰাজ্যত "কা" বিৰোধী গণ আন্দোলনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ দ্বাৰা বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ (ইউএপিএ) অধীনত গ্ৰেপ্তাৰ হোৱাৰ পিছতে এবছৰ ধৰি ন্যায়িক জিম্মাত থকা গগৈয়ে কাৰাগাৰৰ পৰাই নিৰ্বাচনত জয় লাভ কৰিছিল । এনআইএ-ৰ এখন বিশেষ আদালতে তেওঁক অসম বিধানসভাৰ বিধায়ক হিচাপে শপত লোৱাৰ অনুমতি প্ৰদান কৰিছিল ।

লগতে পঢ়কঃ ক’ভিড পৰিস্থিতি সন্দৰ্ভত কি স্থিতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.