ETV Bharat / state

শিৱসাগৰৰ ৰাধিকা এতিয়া বহুজনৰ বাবেই আদৰ্শ

নিজে স্বাৱলম্বী হৈ আন দহজনক স্বাৱলম্বিতাৰ বাট দেখুওৱা মহিলাগৰাকীৰ নাম ৰাধিকা দাস বৰা ৷ 12 বছৰ পূৰ্বে এটা মাত্ৰ ছাগলীৰে আৰম্ভ কৰা মহিলাগৰাকীৰ পামখনে লাভ কৰিছে পূৰ্ণাংগ ৰূপ ৷ শিৱসাগৰৰ গৌৰৱ নগৰৰ আঢ়ৈ কঠা মাটিত বাসগৃহৰ লগতে মহিলাগৰাকীৰ কষ্ট আৰু প্ৰচেষ্টাত এতিয়া গঢ় লৈ উঠিছে ব্যৱসায়িক ভিত্তিক পামখন ৷

author img

By

Published : Aug 24, 2020, 10:27 PM IST

Radhika of Sivsagar holding the Example of self-reliance
স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিলে শিৱসাগৰৰ ৰাধিকাই

শিৱসাগৰ,24আগষ্টঃ স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰৰ এগৰাকী মহিলাই ৷ হাঁহ, কুকুৰা, গৰু-ছাগলী, বটাচৰাই আদি বিভিন্ন জীৱ-জন্তুৰে মহিলাগৰাকীৰ আছে এখন বহুমুখী পাম ৷ নিজে স্বাৱলম্বী হৈ আন দহজনক স্বাৱলম্বিতাৰ বাট দেখুওৱা মহিলাগৰাকীৰ নাম ৰাধিকা দাস বৰা ৷12 বছৰ পূৰ্বে এটা মাত্ৰ ছাগলীৰে আৰম্ভ কৰা মহিলাগৰাকীৰ পামখনে লাভ কৰিছে পূৰ্ণাংগ ৰূপ ৷ শিৱসাগৰৰ গৌৰৱ নগৰৰ আঢ়ৈ কঠা মাটিত বাসগৃহৰ লগতে মহিলাগৰাকীৰ কষ্ট আৰু প্ৰচেষ্টাত এতিয়া গঢ় লৈ উঠিছে ব্যৱসায়িক ভিত্তিক পামখন ৷

পামখনত আছে বিভিন্ন প্ৰজাতিৰ ২০০টা হাঁহ, বিভিন্ন প্ৰজাতিৰ ২০০টা কুকুৰা, পাৰ চৰাই, বটাচৰাই, গৰুৰ লগতে প্ৰায় ১০০টা ছাগলী ৷ যাৰ জৰিয়তে আৰ্থিক ভাৱে সবল হোৱাৰ লগতে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে ৷ কম মাটিত বাসগৃহৰ লগতে পামখন চলাই নিবলৈ বহু সংগ্ৰাম কৰিব লগা হৈছে ৰাধিকাৰ লগতে পৰিয়ালৰ আন সদস্যই তথাপি বহু চেষ্টা আৰু কষ্টৰ বলত এতিয়া জিলিকি উঠিছে ৰাধিকাৰ বহুমুখী পামখন ৷

ইয়াৰোপৰি মহিলাগৰাকীয়ে আন এক দিশতো দাঙি ধৰিছে নিদৰ্শন । মহিলাগৰাকীৰ ঘৰৰ বিজুলী ব্যৱহৃত হয় সৌৰশক্তিৰ পৰা আৰু ৰন্ধনৰ বাবে ইন্ধন উৎপাদন হয় গোবৰ গেছৰ পৰা ৷ আনহাতে,পামখন আগবঢ়াই নিয়াত বৰ্তমান ৰাধিকাক প্ৰয়োজন হৈছে সহায়ৰ ৷ চৰকাৰৰ তৰফৰ পৰা ৰেহাই ঋণৰ আশা কৰা ৰাধিকাই কিছু সহযোগিতা পালে পামখন নতুন ৰূপত সজোৱাৰ পৰিকল্পনা কৰিছে । ইপিনে বহু লোকৰ স্বনিৰ্ভৰশীলতাৰ উদাহৰণ হৈ পৰা মহিলাগৰাকীৰ কৰ্মৰাজিক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে ৷

লগতে পঢ়কঃৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.