শিৱসাগৰ,24 আগষ্টঃ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি ৷ মৃতদেহ ৰখাৰ নামত ঘোচ খোজাৰ অভিযোগ একাংশ শিৱসাগৰ আৰক্ষীৰ বিৰুদ্ধে ৷
উল্লেখ্য যে, শিৱসাগৰৰ নেমুগুৰিৰ মুন্নী গোৱালা নামৰ মহিলা গৰাকীক স্বামী বীৰেন গোৱালাই প্ৰহাৰ কৰাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত মৃত্যু হয় ৷ চিকিৎসালয় খনৰ সংলগ্ন এটা কোঠাত ৰখা হৈছিল মুন্নী গোৱালাৰ মৃতদেহ ৷ মুন্নী গোৱালাৰ মৃতদেহ পৰিয়ালে চমজি লবলৈ আহোতে চিকিৎসালয়স্থিত আৰক্ষী বিষয়াই মৃতদেহ চমজাই দিয়াৰ নামত মৃতকৰ পৰিয়ালৰ পৰা দাবী কৰিছিল ১২ শ টকা ৷ এই কাণ্ডত জাঙুৰ খাই উঠে পৰিয়ালটোৰ লগতে চিকিৎসালয়ত উপস্থিত থকা ৰাইজ ৷ অৱশেষত পৰিস্থিতি ভয়ানক হোৱাত ঘটনাস্থলীত শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ উক্ত ঘটনাৰ লগত জড়িত আৰক্ষীক শাস্তি প্ৰদানৰ আশ্বাস দিয়ে ৷ ঘটনা সম্পৰ্কত ইতিমধ্যে মুন্নী গোৱালাৰ শহুৰ ডিম্বেশ্বৰ গোৱালাই জয়সাগৰ আৰক্ষী চকীত ৰুজু কৰে এটা গোচৰ ৷