ETV Bharat / state

Miscreants in Gaurisagar: গৌৰীসাগৰৰ বৰপুখুৰীৰ পাৰত দুৰ্বৃত্তৰ তাণ্ডৱ

author img

By

Published : Mar 27, 2023, 1:13 PM IST

গৌৰীসাগৰত দুৰ্বৃত্তৰ তাণ্ডৱ । গৌৰীসাগৰ বৰপুখুৰীৰ পাৰৰ ঐতিহাসিক সম্পদৰ সৌন্দৰ্যবৰ্ধন কৰা সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰিলে দুৰ্বৃত্তই ৷ আৰক্ষীক শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী (Miscreants in Gaurisagar) ৷

Miscreants in Gaurisagar
গৌৰীসাগৰৰ বৰপুখুৰীৰ পাৰত দুৰ্বৃত্তৰ তাণ্ডৱ

আমগুৰি, ২৭ মাৰ্চ: শিৱসাগৰ জিলাৰ গৌৰীসাগৰত দুৰ্বৃত্তৰ তাণ্ডৱ । ভাঙি লণ্ড ভণ্ড কৰিলে ঐতিহাসিক সম্পদৰ সৌন্দৰ্যবৰ্ধন কৰা সামগ্ৰী ৷ ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পাৰ মদ-ভাঙৰ আদ্দালৈ পৰ্যবসিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰিলে পৰ্যটকৰ বাবে তৈয়াৰ কৰা আৰামী বেঞ্চ আৰু নিৰাপত্তাৰ বাবে নিৰ্মিত প্লাষ্টিকৰ খুঁটা (Public property vandalised by miscreants)।

পুৰাতত্ব বিভাগৰ অধীনত শিৱসাগৰ জিলাত অৱস্থিত গৌৰৱময় আহোম ৰাজত্বকালৰ ঐতিহাসিক সম্পদ সমূহৰ সংৰক্ষণ আৰু শোভাবৰ্ধনৰ কাম চলি আছে । শিৱসাগৰ জিলাৰ আন এক বুৰঞ্জীপ্ৰসিদ্ধ স্থান গৌৰীসাগৰত অৱস্থিত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ ৰাজত্বকালত নিৰ্মিত গৌৰীসাগৰ বৰপুখুৰী আৰু পাৰত অৱস্থিত তিনিটাকৈ দলৰ মেৰামতি আৰু শোভাবৰ্ধনৰ কাম বৰ্তমানেও চলি আছে (Vandalised Public property in Gaurisagar)।

অসম দৰ্শন আঁচনিৰ অধীনত গৌৰীসাগৰ বৰপুখুৰীৰ চাৰিটা পাৰ সংলগ্ন কৰাৰ উপৰিও পথচোৱা সুন্দৰকৈ নিৰ্মাণ কৰা হৈছিল । আনহাতে পুখুৰীৰ পাৰত পৰ্যটকে সময় কটাব পৰাকৈ আৰামী বেঞ্চ আৰু পুখুৰীটোৰ পাৰত নিৰাপত্তাৰ বাবে নিশা প্ৰতিফলিত হোৱা প্লাষ্টিকৰ খুটা স্থাপন কৰা হৈছিল । কিন্তু পৰিতাপৰ বিষয় যে নিৰ্মাণৰ মাত্ৰ কেইটামান মাহ নহওঁতেই কোনো অচিনাক্ত দুৰ্বৃত্তই দহটাকৈ খুঁটা আৰু পুখুৰীৰ পাৰত স্থাপন কৰা আৰামী বেঞ্চ ভাঙি লণ্ড ভণ্ড কৰে ৷

গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত স্বাস্থ্যকেন্দ্ৰ, ৰেচম পাম, দুই-তিনিখনকৈ বিদ্যালয় অৱস্থিত যদিও সন্ধিয়াৰ পাছত পুখুৰীৰ পাৰত মানুহৰ আহ-যাহ কম হোৱাৰ সুযোগ গ্ৰহণ কৰি একাংশ উদণ্ড যুৱকে মদ আৰু ভাঙৰ আদ্দাস্থলীলৈ পৰিণত কৰিছে ঐতিহাসিক পুখুৰীৰ পাৰ । বিভিন্ন অসমাজিক কামত লিপ্ত এইসকল অচিনাক্ত যুৱকৰ দ্বাৰাই এনে কাণ্ড সংঘটিত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । মাত্ৰ কিছু দূৰৈত গৌৰীসাগৰ আৰক্ষী চকী অৱস্থিত যদিও এইসকল উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱা গৌৰীসাগৰ আৰক্ষীক শীঘ্ৰেই কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আটাছু গৌৰীসাগৰ আঞ্চলিক সমিতিৰ লগতে স্থানীয় ৰাইজে (Anti social activities in Gaurisagar) ।

লগতে পঢ়ক:Playground turn into pasture: শিৱসাগৰত নাই খেলপথাৰ, থিয়েটাৰে চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰিলে খেলপথাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.