ETV Bharat / state

আমগুৰিত বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ - আমগুৰিত বিদ্যালয় একত্ৰীকৰণক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

বিদ্যালয় একত্ৰীকৰণৰ প্ৰসংগক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ হৈ আহিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ আমগুৰিৰ এখন বিদ্যালয় একত্ৰীকৰণক লৈ জাঙুৰ খাই উঠিছে অঞ্চলটোৰ ৰাইজ(School amalgamation at Amguri) ।

protests against school amulgamation in amguri
আমগুৰিত বিদ্যালয় একত্ৰীকৰণক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ
author img

By

Published : Aug 19, 2022, 12:18 PM IST

আমগুৰি, ১৯ আগষ্ট: শিৱসাগৰ জিলাৰ আমগুৰিত বিদ্যালয় একত্ৰীকৰণক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ(School amalgamation at Amguri) । আমগুৰি শিক্ষাখণ্ডৰ অধীনস্থ নামতিয়াল নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ত অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃগোটৰ অৰ্দ্ধশতাধিক লোকে বিদ্যালয় একত্ৰীকৰণক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেজ দিম, বিদ্যালয় একত্ৰিকৰণ হ'বলৈ নিদিও আদি শ্ল'গানেৰে প্ৰতিবাদমুখৰ হৈ সমগ্ৰ বিদ্যালয়ৰ চৌহদ ।

আমগুৰিত বিদ্যালয় একত্ৰীকৰণক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

১৯৭৫ চনত স্থাপিত বিদ্যালয়খন এজনীয়া শিক্ষকেৰে পাঠদান চলি আহিছিল । স্থানীয় লোকে শিক্ষা বিভাগক শিক্ষক নিযুক্তি দিবলৈ বহুবাৰ আৱেদন জনাই আহিছিল যদিও এই ক্ষেত্ৰত শিক্ষা বিভাগে কোনো কাণসাৰ নিদিলে । যাৰ ফলশ্ৰুতিত ফলত বহু অভিভাৱকে নিজ সন্তানক অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰে ।

শেহতীয়াকৈ বিদ্যালয়খন অন্য এখন বিদ্যালয়ত চামিলকৰণ কৰাত খৰ্গহস্ত হৈ পৰে স্থানীয় লোকসকল । কোনো কাৰণতে বিদ্যালয়খন একত্ৰিকৰণ হ'বলৈ নিদিয়ে বুলি স্পষ্টকৈ প্ৰকাশ কৰে লোকসকলে ।

লগতে পঢ়ক: আৰক্ষীয়ে দাবী কৰা ধন দিব নোৱাৰি আত্মহত্যা যুৱকৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.