ETV Bharat / state

অভয়পুৰ সংৰক্ষিত বনাঞ্চল ৰক্ষাৰ দাবীৰে সোণাৰিত প্ৰতিবাদ - সোণাৰিত প্ৰতিবাদ

শুকুৰবাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে সোণাৰিত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ সংবাদকৰ্মীৰ লগতে প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে ৷ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত নিৰৱচ্ছিন্নভাৱে চলি থকা নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে তেওঁলোকে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

protest in sivsagar on the occasion of world environment day

author img

By

Published : Jun 5, 2020, 9:48 PM IST

শিৱসাগৰ, 5 জুনঃ চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলত নিৰৱচ্ছিন্নভাৱে চলি থকা নগাৰ আগ্ৰাসনৰ ফলত,ইয়াৰ মাটিকালি দ্ৰুত গতিত সংকুচিত হৈ অহাৰ তথ্য পোহৰলৈ আহিছে ৷ চৰকাৰ-প্ৰশাসন তথা বন বিভাগক এই বিষয়ে জাগ্ৰত কৰিবলৈ সাংবাদিক আৰু প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে শুকুৰবাৰে সোণাৰিত সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ অভয়পুৰ সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘৰ সীমা নগালেণ্ডৰ মন' জিলাৰ সৈতে সংযুক্ত হৈ আছে ৷ জৈৱ বৈচিত্ৰতাৰে ভৰপূৰ বনাঞ্চলখনত দীৰ্ঘদিন ধৰি চোৰাং ব্যৱসায়ীয়ে এটা স্থানীয় চক্ৰৰ সৈতে মিলি ব্যাপক হাৰত ধ্বংসযজ্ঞ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷ ফলত বনাঞ্চলখনৰ বহু ঠাই মুকলি খেলপথাৰত পৰিণত হৈছে ৷

অভয়পুৰ সংৰক্ষিত বনাঞ্চল ৰক্ষাৰ দাবীৰে সোণাৰিত প্ৰতিবাদ

এসময়ত তিতাচপা,নাহৰ,হলং আদি নানা মূল্যৱান গছেৰে ভৰপূৰ হৈ থকা বনাঞ্চলখনত এতিয়া বাঁহ গছ আৰু হাবি জংঘলৰ বাহিৰে ডাঙৰ গছ পাবলৈ নোহোৱা হৈছে ৷ ৬৭৩২.৬৬০ হেক্টৰ মাটিকালিত অৱস্থিত বনাঞ্চল খনৰ মাটিকালি সম্প্ৰতি ক্ষীপ্ৰ গতিত সংকুচিত হৈ অহাৰ ফলত,ইয়াত বসবাস কৰা বন্য জন্তুসমূহ সন্মুখীন হৈছে তীব্ৰ খাদ্যৰ সংকটৰ ৷ যাৰ বাবে বনাঞ্চল খনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতী আৰু নাহৰফুটুকী বাঘৰ সৈতে প্ৰায়েই সংঘাত হৈ থাকে মানুহৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত সোণাৰিৰ কেইজনমান সাংবাদিক তথা সচেতন নাগৰিকে বনাঞ্চলখন সংৰক্ষণৰ দাবীৰে সামাজিক দূৰত্ব বৰ্তাই মৌন প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই প্ৰতিবাদেৰে মুখৰিত হ'ল যোৰহাট নিমাটিঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.