ETV Bharat / state

Delimitation of Constituencies : সমষ্টি পুনৰ ৰ্নিধাৰণৰ বিৰুদ্ধে শিৱসাগৰত প্ৰতিবাদ

author img

By

Published : Mar 24, 2023, 10:19 PM IST

উজনি অসম সমষ্টি সুৰক্ষা আহ্বায়ক সমিতিৰ আহ্বানত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত প্ৰকাশ কৰা জাননীৰ বিৰুদ্ধে প্ৰতিবাদ ৷ জিলা উপাযুক্ত কাৰ্যালয়ৰ সমুখত দুঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰীসকলে (Protest against constituency redetermination in Sivasagar)৷

Protest in Sivasagar against election commission
শিৱসাগৰত প্ৰতিবাদ
শিৱসাগৰত প্ৰতিবাদ

শিৱসাগৰ, 24 মাৰ্চ : সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে শিৱসাগৰৰ একাংশ দল সংগঠনৰ লগতে জিলা খনৰ সচেতন নাগৰিকে ৷ উজনি অসম সমষ্টি সুৰক্ষা আহ্বায়ক সমিতিৰ আহ্বান ক্ৰমে শুকুৰবাৰৰ দিনৰ ভাগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে দুঘন্টীয়া গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে (Constituency delimitation in Assam)।

উল্লেখ্য যে, উজনি অসমৰ তিনিটা সমষ্টি কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতৰ নিৰ্বাচন আয়োগে ৷ অসমৰ খিলঞ্জীয়া জনগণক ৰাজনৈতিকভাৱে সংকুচিত কৰাৰ চক্ৰান্তৰ বিৰুদ্ধে শিৱসাগৰৰ একাংশ দল-সংগঠন তথা সচেতন নাগৰিকে আজি এই প্ৰতিবাদ সাব্যস্ত কৰে । ভাৰতৰ নিৰ্বাচনী আয়োগক শাসকীয় দলৰ এটা চাবি দিয়া পুতলা বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলে সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰে ৰাজ্য আৰু কেন্দ্ৰৰ গেৰুৱা চৰকাৰৰ বিৰুদ্ধে (Protest against Constituency delimitation in Assam) ।

প্ৰতিবাদকাৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাৰ লগতে ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক ২৪ চনৰ নিৰ্বাচনত দিয়া হ'ব বুলিও চৰকাৰখনক সকীয়নি প্ৰদান কৰে । উজনি অসমৰ সমষ্টি কৰ্তনৰ জৰিয়তে খিলঞ্জীয়া মানুহক ৰাজনৈতিকভাৱে দুৰ্বল কৰিব বিচৰা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজ (Sivasagar people oppposes Delimitation of Constituencies) ।

উল্লেখ্য যে, খিলঞ্জীয়াৰ হাতৰপৰা ৰাজনৈতিক অধিকাৰ কৰ্তনৰ জনসাধাৰণ বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰিবৰ বাবে গোহাৰি চপা কৰা হ'ব বুলি ৰ্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে । তদুপৰি, 26 মাৰ্চৰ দিনা উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ হৈ শিৱসাগৰ জিলাৰ পৰা এটা সঁজাতি দল গুৱাহাটীলৈ ৰাওনা হ'ব বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে । উক্ত সঁজাতি দলটোৱে গুৱাহাটীৰ ৰেডিচন ব্লুত নিৰ্বাচনী আয়োগৰ সৈতে হ'বলগীয়া আলোচনা সভাত মতামত আগবঢ়োৱাৰ লগতে স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে (Protest in Sivasagar against election commission)।

লগতে পঢ়ক : Rakesh Paul granted bail: কাৰামুক্ত হ'ব পাৰে এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল

উল্লেখ কৰা প্ৰয়োজন যে, 27 ডিচেম্বৰত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জাননী জাৰি কৰিছিল আৰু ইয়াৰ পিচতেই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ এই জাননীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ড৹ হীৰেন গোঁহাই আৰু সাংসদ অজিত কুমাৰ ভূঞাই ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰিছে (PIL against Constituency delimitation) ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.