তেজপুৰ, ২১ ছেপ্টম্বৰ : ১৯৪২ চনৰ স্বাধীনতা আন্দোলনৰ ২০ ছেপ্টেম্বৰৰ দিনটো শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ বাবে এক স্মৰণীয় দিন ৷ অসম চৰকাৰে এই ২০ আৰু ২১ ছেপ্টেম্বৰত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ বীৰ বীৰাংগনাসকলক সোঁৱৰণ কৰি আহিছে ৷ শনিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদ নগৰীত শ্বহীদ উদ্যান আৰু শ্বহীদৰ প্ৰতিমূৰ্তি উন্মোচন কৰে । অসম চৰকাৰৰ সংস্কৃতিক বিভাগে এই শ্বহীদ উদ্যানৰ কাম সম্পন্ন কৰি তুলিছে ।
স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ বুলিলে গহপুৰৰ শ্বহীদ কনকলতা বৰুৱাৰ কথাই মনলৈ আহে ৷ প্ৰকৃততে ১৯৪২ চনৰ সেই অভিশপ্ত দিনটোত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু সেইসকলৰ মাজত মহিলা শ্বহীদ কেবাগৰাকীও আছিল । দেশমাতৃক পৰাধীনতাৰ বান্ধোনৰ পৰা মুক্ত কৰি স্বাধীনতাৰ সপোন দেখা সেই মহিলাসকলে বৃটিছৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি মৃত্যুক আকোঁৱালি লৈ ইতিহাসত নিজৰ নাম খোদিত কৰি থৈ গৈছে ৷
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰু গহপুৰ শ্বহীদ নগৰী হিচাবে খ্যাত ৷ স্বাধীনতা আন্দোলনত ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামী বীৰ পুৰুষ মহিলাসকলে প্ৰথম জাতীয় পতাকা উত্তোলন কৰি ব্ৰিটিছৰ বন্দুকৰ গুলী আৰু অত্যাচাৰত প্ৰাণ আহুতি দিছিল ৷
দেশ উদ্ধাৰৰ মহৎ উদ্দেশ্যেৰে আগবাঢ়ি অহা প্ৰথম মহিলা শ্বহীদ হৈছে শ্বহীদ মালতী মেম বা মাংৰি ওৰাং । বৃটিছ প্ৰশাসনৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বেচ্ছাসেৱকসকলক সহায় কৰাৰ কথা গম পাই মালতী মেমক ১৯২১ চনত বৃটিছে হত্যা কৰে । ইয়াৰ পৰৱৰ্তী সময়ত মহিলা দাৰিকী দাসী বৰুৱা আইন অমান্য আন্দোলনৰ এগৰাকী আগশাৰীৰ নেত্ৰী আছিল । কাৰাবাসত থকা অৱস্থাত ১৯৩২ চনত এখেতে মৃত্যুক সাৱটি লয় ।
শ্বহীদ কনকলতা বৰুৱা ‘মৃত্যু বাহিনী’ৰ এগৰাকী সক্ৰিয় সদস্যা আছিল । ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আহি বৃটিছৰ গুলীত বুকু পাতি লৈ মৃত্যুক আকোঁৱালি লয় । মৃত্যুৰ সময়ত তেওৰ বয়স আছিল মাথো ১৮ বছৰ ।
শ্বহীদ ভোগেশ্বৰী ফুকননী : নগাঁও জিলাৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী সংগঠক আছিল । ১৯৪২ চনৰ ১৮ছেপ্তেম্বৰত বৃটিছে গুলীবিদ্ধ কৰে আৰু ইয়াৰ তিনিদিনৰ পাছত মৃত্যুবৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ১৮ বছৰ ।
ঢেকীয়াজুলিৰ শ্বহীদ মহিলাসকল :
১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত স্বাধীনতা সংগ্ৰামত কলিজাৰ তেজেৰে দেশমাতৃৰ হকে জীৱন বলিদান দিয়া ঢেকীয়াজুলিৰ মহিলা শ্বহীদসকলৰ বিষয়ে জানেনে ? সেইসকল হৈছে শ্বহীদ তিলেশ্বৰী বৰুৱা, শ্বহীদ খহুলী দেৱী ৷ খহুলী দেৱী সেই সময়ত সন্তান সম্ভৱা আছিল । শ্বহীদ কুমলী দেৱী, শ্বহীদ পদুমী গগৈ ৷ পদুমী গগৈয়ে কাৰাবাস খটা অৱস্থাৰ কেইমাহমানৰ ভিতৰতে মৃত্যুবৰণ কৰিছিল ।
শ্বহীদ থুনুকী দাস ২০ ছেপ্টেম্বৰত আঘাতপ্ৰাপ্ত হৈ কিছুদিন পিছত মৃত্যুবৰণ কৰে । শ্বহীদ জালুকী কছাৰীয়নী আছিল ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় কৰ্মী ৷ ২০ ছেপ্টেম্বৰতে মৃত্যুবৰণ কৰে তেওঁ ৷ শ্বহীদ কণ চুতীয়ানীয়ে ঢেকীয়াজুলি থানাত হোৱা লাঠিচালনাত আঘাতপ্ৰাপ্ত হৈ কেইদিনমানৰ পিছতে মৃত্যুক আকোঁৱালি লয় । এই সমগ্ৰ পতাকা উত্তোলনৰ পৰিক্ৰমা আৰু দায়িত্ব লোৱা প্ৰথম শ্বহীদ মনৱৰ নাথ, যি প্ৰথমে ঢেকীয়াজুলি থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈছিল ।
ঢেকীয়াজুলিত সেই সময়ত শ্বহীদৰ চৰকাৰী তথ্য অনুসৰি নাম বৰগাঁও গাঁৱৰ তিলেশ্বৰী বৰুৱা আৰু আন ১০ জনৰ নাম সন্নিবিষ্ট আছে । তেওঁলোকৰ লগত আন দুজন নাম প্ৰকাশ নকৰা শ্বহীদ এজন ভিক্ষাৰী আৰু এজন লামা আছিল ৷
স্বাধীনতা আন্দোলনত ভাগ লোৱা ৰূপকোঁৱৰ জ্যোতি প্ৰসাদৰ আগৰৱালাৰ পৰামৰ্শ অনুসৰি ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো থানাতে ত্ৰিৰংগ পতাকা উত্তোলন কৰাৰ পৰিকল্পনা কৰা হয় । ইয়াৰ বাবেই লোকনায়ক অমিয় কুমাৰ দাসে তেজপুৰত, তেজপুৰ কংগ্ৰেছ কমিটীৰ এখন বৈঠকৰ আয়োজন কৰিছিল । সেই সময়ছোৱাত ৰাজ্যত কংগ্ৰেছৰ সকলো বিশিষ্ট নেতাক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰিছিল । কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে গ্ৰেপ্তাৰ নহ’ল অমিয় কুমাৰ দাস । পৰৱৰ্তী সময়ত বিজয় চন্দ্ৰ ভাগৱতী, বিমান চন্দ্ৰ বৰা আৰু কংগ্ৰেছৰ আৰু বাৰজন সদস্যৰ উপস্থিতিত তেজপুৰত অনুষ্ঠিত হোৱা বৈঠকত চতিয়া থানাত পতাকা উত্তোলন কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু সেইটো সম্পন্ন কৰাৰ দায়িত্ব বিমান চন্দ্ৰ বৰাক অৰ্পণ কৰা হয় ৷ বিমান চন্দ্ৰ বৰাই তেজপুৰৰ পৰা গৈ চতিয়াত উপস্থিত হৈ অঞ্চলটোৰ বহু বিশিষ্ট নেতাক আলোচনাৰ বিষয়ে বিতংভাৱে অৱগত কৰোৱায় ৷
১৯৪২ চনৰ ১১ আগষ্টত বিজয় চন্দ্ৰ ভাগৱতী আৰু কামাখ্যা প্ৰসাদ ত্ৰিপাঠীক চতিয়াৰ কচাড়ী গাঁৱৰ নামঘৰত অনুষ্ঠিত সাধাৰণ সভাত ভাষণ দি স্বাধীনতা আন্দোলনৰ প্ৰতি মানুহক উচটনি দিয়াৰ অপৰাধত প্ৰশাসনে গ্ৰেপ্তাৰ কৰে । অৱশ্যে জ্যোতিপ্ৰসাদৰ পৰিকল্পনা অনুসৰি ২০ ছেপ্টেম্বৰত পতাকা উত্তোলন কৰিব লাগিছিল । কিন্তু সাংগঠনিক শক্তিৰ বাবে চতিয়াবাসীয়ে নিৰ্ধাৰিত সময়ৰ এমাহ আগতেই সেই কামটো সম্পন্ন কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিল । ইয়াৰ বাবে চতিয়া হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি কাম কৰি আছিল । একেদৰে বিহালী হাইস্কুলৰ শিক্ষক পদৰ পৰা পদত্যাগ কৰাৰ পাছত ডিম্বেশ্বৰ হাজৰিকা, তৃণায়ণ বৰকাকতিয়ে আন্দোলনত জপিয়াই পৰে । পৰৱৰ্তী সময়ত গহপুৰ আৰু ঢেকীয়াজুলি থানাত ২০ ছেপ্টেম্বৰত পতাকা উত্তোলন কৰা হয় ।
লগতে পঢ়ক : স্বাধীনতা আন্দোলনত অংশ নোলোৱা সকলহে এতিয়া বেছি দেশপ্ৰেমিক