ETV Bharat / state

জনজাতিকৰণৰ দাবীত তিনিচুকীয়া কঁপালে আটাছুৱে - ATASU PROTEST IN TINSUKIA

তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত আটাছুৰ বিশাল জোঁৰ সমদল ৷ আৰক্ষীৰ বাধাকো নেওচি চহৰখনত সমদল ।

ATASU protest in Tinsukia
জনজাতিকৰণৰ দাবীত তিনিচুকীয়া কঁপালে আটাছুৱে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 10:55 PM IST

তিনিচুকীয়া: ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আটাইকেইটা জনগোষ্ঠীয়ে নিজাববীয়াকৈ প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰ লগতে জনজাতিকৰণৰ দাবী তীব্ৰতৰ কৰি তুলিছে আৰু চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিছে ।

এই ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বৃহস্পতিবাৰে তিনিচুকীয়াত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ।

জনজাতিকৰণৰ দাবীত তিনিচুকীয়া কঁপালে আটাছুৱে (ETV Bharat Assam)

বৃহস্পতিবাৰে সন্ধিয়া তিনিচুকীয়া চহৰৰ শ্ৰীপুৰীয়া পথৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে হাতত জোঁৰ লৈ আটাছুৰ তিনিচুকীয়া জিলা সমিতিয়ে বিশাল জোঁৰ সমদল উলিয়ায় । টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু পূৰ্ণ স্বায়ত্তশাসন প্ৰদানৰ দাবীত জোঁৰ লৈ উলিওৱা সমদলৰ সময়ত টাই আহোমক জনজাতিকৰণ প্ৰদান কৰক, আমাক জনজাতিকৰণ লাগিবই, আছে হেংদাং লোৱা নাই, ল’লে হেংদাং ৰক্ষা নাই, জনজাতিকৰণৰ নামত প্ৰতাৰণা নকৰিব, বিজেপি হায় হায়, বিজেপি লেইলেই-চেইচেই আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

চহৰখনৰ তিনিকোণীয়াৰ পৰা এ টি ৰোড হৈ থানা চাৰিআলিলৈ এই সমদলটো উলিয়ায় । পৰৱৰ্তী সময়ত তিনিচুকীয়া আৰক্ষীয়ে পুৰণা ৰে’ল ষ্টেচনৰ সমীপত আৰক্ষীৰ এটা দলে জোঁৰসমূহ আঁজুৰি লৈ সমদলত বাধা প্ৰদান কৰে যদিও আৰক্ষীৰ বাধা নেওচি সমদলটো থানা চাৰিআলিলৈ আগুৱাই যায় ।

প্ৰতিবাদৰ সময়ত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দীপাংকৰ গগৈয়ে জনজাতিকৰণৰ নামত শাসকীয় চৰকাৰখনে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি চৰকাৰখনৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু জনজাতিকৰণৰ নামত ৰাজনীতি নকৰিবলৈ জোঁৰ সমদলৰ জৰিয়তে সকীয়নি প্ৰদান কৰে ।

আনহাতে, অতি সোনকালে যদি টাই আহোমক জনজাতিকৰণ প্ৰদান নকৰে তেন্তে অনাগত দিনত চৰকাৰখনে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়নি প্ৰদান কৰে ।

লগতে পঢ়ক :সদ্যহতে দুদিনমানলৈ গাহৰি খোৱাৰ চিন্তা বাদ দিয়ক
লগতে পঢ়ক :৫ ডিচেম্বৰৰ পৰা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.