গুৱাহাটী : উপ-নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনো কংগ্ৰেছ দলে অকলে খেলাৰেই ইংগিত দিছে । বৃহস্পতিবাৰে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই কয় যে পঞ্চায়ত নিৰ্বাচনত মিত্রতাৰ ক্ষেত্রত বহুত জটিলতা আছে ।
ৰাজ্যিকভিত্তিত মিত্ৰতা সম্ভৱ নহয়
তেওঁ কয়, "সমষ্টি ভিত্তিত আমি বুজাপৰা কৰিবলৈ চেষ্টা কৰিম । কিন্তু অসমভিত্তিক আমি বহি পঞ্চায়তৰ আসন ভাগ-বটোৱাৰা কৰাটো সম্ভৱ নহয় । বিজেপিৰ পক্ষেও অগপৰ লগত সম্ভৱ নহ'ব । কৰিব নোৱাৰে, টেকনিকেল অসুবিধা আছে । পঞ্চায়ত নিৰ্বাচনত এলায়েন্স কৰাত আমাৰো সমস্যা আছে । যদি মোৰ মনো আছে তেন্তে জিলা পৰ্যায়ত বহি কৰিব লাগিব । জিলাবোৰক আমি কম যে বিজেপি বিৰোধী সমভাৱ সম্পন্ন দলৰ সৈতে যদি আমাৰ জিলাসমূহে ক'ৰবাত বুজাপৰা কৰে কৰিব পাৰিব । সেইটো মই ভাবি থৈছো । এতিয়াই মই সঠিকভাৱে ক'ব নোৱাৰো । কাৰণ আমি এতিয়া মিত্রতাত নাই ।"
৩০ নৱেম্বৰৰ ভিতৰত ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক
নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত তেওঁ কয়, "আমি ৩০ নৱেম্বৰৰ ভিতৰত আমাৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত কৰিম । এই বৈঠক এইবাৰ ধেমাজিত দিয়াৰ কথা ভাবিছো । য'ত পঞ্চায়ত নিৰ্বাচন আৰু সম্ভাৱ্য কেইবাটাও কাউন্সিলৰ নিৰ্বাচনৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব । লগতে উপ-নিৰ্বাচনৰ পৰ্যালোচনাও কৰিম ।"
তেওঁ লগতে কয়, "পঞ্চায়ত নিৰ্বাচন সময়মতে অনুষ্ঠিত কৰাৰ বাবে মই চৰকাৰক আহ্বান জনাইছো । বহুত দিনৰ পৰা চোঁচৰাই আছে । হাৰিয়ানাত বিজেপি পৰাজিত হ'লে অসমত উপ-নিৰ্বাচন নহ'লহেঁতেন । কাৰণ মুখ্যমন্ত্রীয়ে পাল পতিছিলে যে কেনেকৈ উপ-নিৰ্বাচন হ'ব সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল । মই আহ্বান জনাইছো মুখ্যমন্ত্রীয়ে পাৰিলে কাইলৈকে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰক ।"
লগতে পঢ়ক :এক লাখ EVM যোগাৰ কৰাটো সহজসাধ্য নহয়; বেলটতে হ’ব পঞ্চায়ত নিৰ্বাচন