আমগুৰি,11 ছেপ্তেম্বৰ: প্ৰাপ্যৰ পৰা দীৰ্ঘদিনে বঞ্চিত হৈ আহিছে ৰাজ্যৰ চাহ শ্ৰমিকসকল ৷ শুকুৰবাৰে শ্ৰমিকসকলৰ বঞ্চিত প্ৰাপ্য লাভৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় আমগুৰিৰ বৰবাম বাগানত ৷ উল্লেখ্য যে, শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত সাব্যস্ত কৰা হৈছে এই উত্তাল প্ৰতিবাদ ৷
অসম চাহ জনজাতি ছাত্ৰ সন্থাই মজুৰি বৃদ্ধিৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে উত্তাল কৰি তোলে আমগুৰিৰ বৰবাম বাগান । শেহতীয়াকৈ পৰিৱৰ্তনকামী চৰকাৰখনে চাহ শ্ৰমিকসকলৰ মজুৰী বৃদ্ধিৰ লগতে সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰি শাসনৰ গাদীত অধিষ্ঠিত হৈছিল ৷ কিন্তু এই সমস্যা সমাধানৰ বাবে পৰৱৰ্তী সময়ত কোনো গুৰুত্ব আৰোপ নকৰিলে চৰকাৰে । সেয়ে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বৰবাম বাগানত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷
লগতে চাওকঃ অনিশ্চয়তাৰ দিশে সাংস্কৃতিক সংগ্ৰহালয়ৰ নিৰ্মাণকাৰ্য