ETV Bharat / state

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Apr 1, 2022, 9:52 PM IST

ভাল দিনৰ সপোন দেখুওৱা বিজেপি চৰকাৰে ৰাইজৰ সমস্যা সমাধানত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে । কৰ'ণাৰ পাছত আৰ্থিকভাৱে সংকটত পৰা ৰাইজ এতিয়া আন এক সমস্যাত পৰিছে । প্ৰতিদিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হৈছে । যাৰ ফলত ক্ষোভিত হৈ শুকুৰবাৰে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে (Protest against price hike in Sivsagar) ।

protset-against-price-hike-in-sivsagar
শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

শিৱসাগৰ, 1 এপ্ৰিল: ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত শুকুৰবাৰে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে । শেহতীয়াকৈ পেট্ৰ'ল, ডিজেলসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী হাৰত বৃদ্ধি হোৱা মূল্যৰ ফলত ক্ষোভিত হৈ শিৱসাগৰ দৌলমুখ চাৰি আলিত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে (Protest against price hike in Sivsagar) ৷

লগতে প্ৰতিবাদী কাৰ্যসূচী অনুসৰি প্ৰতিবাদী সংগঠন দুটাই প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতিও দাহ কৰে ৷ ইয়াৰোপৰি সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সমিতিয়ে । তদুপৰি মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ সময়ত চৰকাৰে দ্য কাশ্মীৰ ফাইলছ চাবলৈ কোৱাৰ বাবে চৰকাৰক কঠোৰ ভাৱে সমালোচনা কৰিছে প্ৰতিবাদী সংগঠন দুটাই (SMSS protset against price hike ) ।

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

সংগঠনটোৱে বিৰোধী বিধায়কসকলক বিধান সভাত মূল্যবৃদ্ধিৰ বাবে বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবীত মূল্য বৃদ্ধি ৰোধ কৰক, জনতাক শোষণ কৰা বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ শতাধিক সদস্য তথা বিষয়ববীয়াই প্ৰতিবাদস্থলী উত্তাল কৰে (KMSS protset against price hike) ৷ আনহাতে আছুৰ শিৱসাগৰ জিলা আৰু আঞ্চলিক সমিতিয়ে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই আকাশ চুবলৈ লোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে (AASU protest against price hike) ।

লগতে পঢ়ক : Toll tax incase in Assam: টোল কৰ বৃদ্ধি সন্দৰ্ভত গুৱাহাটী ৰঙিয়া দৰংগা পৰিবহণ সন্থাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.