ETV Bharat / state

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

author img

By

Published : May 23, 2020, 7:36 PM IST

কোনো কাৰণতে চৰকাৰৰ মইমতালি আৰু জনবিৰোধী কাৰ্য সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ লগতে অ'এন জি চি ৰ দৰে আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন প্ৰতিষ্ঠানে যদি এই সমূহ তৈলক্ষেত্ৰত তেল উৎপাদন কৰিব পৰা নাই তেন্তে সৰু সৰু ব্যক্তিগত কোম্পানীয়ে কিদৰে উৎপাদন কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে।

Protest against Government by Matak Youth Student Conference
চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰত মটক ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

শিৱসাগৰ,23মে':লক ডাউনৰ মাজতে শিৱসাগৰত প্ৰতিবাদত নামিল দল-সংগঠন ৷ভাৰত চৰকাৰৰ পেট্ৰ'লিয়াম দপ্তৰে অ'এন জি চি অসম সম্পদৰ দ্বাৰা পৰিচালিত ৮ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগত কোম্পানীৰ হাতত হস্তান্তৰ কৰাৰ পিছতে গৰজি উঠিছে মটক যুৱ ছাত্ৰ সন্মিলন ৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে এই সিদ্ধান্ত বাতিলৰ দাবী কৰি শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰে।কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰি সংগঠনটোৱে কোনো কাৰণতে চৰকাৰৰ মইমতালি আৰু জনবিৰোধী কাৰ্য সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ লগতে অ'এন জি চি ৰ দৰে আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন প্ৰতিষ্ঠানে যদি এই সমূহ তৈলক্ষেত্ৰত তেল উৎপাদন কৰিব পৰা নাই তেন্তে সৰু সৰু ব্যক্তিগত কোম্পানীয়ে কিদৰে উৎপাদন কৰিব পাৰিব বুলি প্ৰশ্ন উত্থাপন কৰে।আনহাতে এনে সিদ্ধান্ত বাতিল নকৰিলে ভৱিষ্যতে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও সংগঠনটোৱে চৰকাৰক সকীয়াই দিয়ে ।

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে শিৱসাগৰত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ

লগতে পঢ়কঃবহিঃৰাজ্যৰ মাছৰ ওপৰত নিৰ্ভৰশীল নহয় অসম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.