শিৱসাগৰ,২৪ আগষ্ট : গো সুৰক্ষা বিধেয়কক (Assam cattle preservation bill ) লৈ পুনৰ প্ৰতিবাদ শিৱসাগৰত । প্ৰায় ২০ টাকৈ সংগঠনে উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ । গো সুৰক্ষা বিধেয়ক বিধানসভাত (Assembly) গৃহীত হোৱাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।
ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠন সমূহে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল । শেহতীয়াকৈ বিধায়ক অখিল গগৈয়েও শিৱসাগৰত এই বিধেয়কৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল । তাৰ পাছতে মঙলবাৰৰ দিনটোত শিৱসাগৰৰ প্ৰায় ২০ টাকৈ সংগঠনে অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমুখত গো সুৰক্ষা বিধেয়ক বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনসমূহে । অসমৰ চহা-থলুৱাৰ স্বাৰ্থ বিৰোধী এই বিধেয়ক বাতিলৰ বাবে সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে । এই আইন বিজেপি নেতৃত্বাধীন চৰকাৰে কেৱল ধৰ্মীয় মেৰুকৰণৰ বাবে প্ৰণয়ন কৰাৰ অভিযোগ উত্থাপন কৰে জাতীয় সংগঠন সমূহে ।
ইফালে বিধানসভাত চৰকাৰে গো ধনৰ পৰিসংখ্যা ভুলকৈ উপস্থাপন কৰা হৈছে বুলিও অভিযোগ উত্থাপন কৰিছে । প্ৰতিবাদকাৰী সকলৰ মতে সঠিকভাৱে গো ধনৰ গণনা হোৱা নাই । চৰকাৰক সঠিকভাৱে গো ধনৰ গণনা (Cattle census) কৰিবলৈ আহ্বান সংগঠনসমূহৰ । অসমৰ থলুৱা গো পালকসকলৰ জীৱন আৰু জীৱিকাক সংকটত পেলাই চৰকাৰে গ্ৰহণ কৰা এই কঠোৰ সিদ্ধান্ত পৰিহাৰৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্তক এক স্মাৰক পত্ৰও প্ৰদান কৰে সংগঠন সমূহে ।
লগতে পঢ়ক :ৰঙিয়াত উপস্থিত ITBPৰ ২১ জনীয়া চাইকেলিষ্টৰ দল