ETV Bharat / state

শিৱসাগৰত পুনৰ 'কা' বিৰুধী আন্দোলনৰ হুংকাৰ

author img

By

Published : Aug 10, 2020, 6:24 PM IST

ঐতিহাসিক শিৱসাগৰৰ পৰাই পুনৰ ঐক্যবদ্ধ গণ সংগ্ৰাম গঢ়ি তোলাৰ হুংকাৰ তিনি জাতীয় সংগঠনৰ ৷

press meet at Sivasagar press club
শিৱসাগৰত পুনৰ কা আন্দোলনৰ হুংকাৰ

শিৱসাগৰ,10 আগষ্টঃ আগন্তুক সময়ত শিৱসাগৰৰ পৰাই খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষাৰ পুনৰ এক শক্তিশালী আৰু ঐক্যবদ্ধ গণ-সংগ্ৰাম গঢ়ি তোলা হ'ব বুলি হুংকাৰ তিনি জাতীয় সংগঠনৰ ৷ শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজিত এক যৌথ সংবাদ মেলৰ জৰিয়তে এই হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰৰ সচেতন নাগৰিক সমাজ, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসুচিত জাতি ছাত্ৰ সন্থা ,সদৌ অসম মৰীয়া যুৱ ছাত্ৰ সন্থাৰ নেতৃবর্গই ৷

শিৱসাগৰত পুনৰ কা আন্দোলনৰ হুংকাৰ

সংগঠন কেইটাই শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদ মেলৰ জৰিয়তে বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি নিয়া আৰু সংবিধান বিৰোধী "কা "(CAA) কোনো কাৰণতেই ৰাইজে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে । CAA ৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ প্ৰস্তুত বুলি ব্যক্ত কৰাৰ লগতে "কা" (CAA) বিৰুদ্ধে আন্দোলন কৰা ব্যক্তি সকলক ভয়, ভাবুকি তথা প্ৰলোভনেৰে মুখ বন্ধ কৰি আন্দোলনখন বন্ধ কৰাৰ যি ষড়যন্ত্ৰ চলাইছে তাক অতি শীঘ্ৰে ৰাইজে ওফৰাই আগন্তক বিধান সভাৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰিছে ৷ লগতে আদর্শগত স্থিতি আৰু নিৰ্দিষ্ট কর্মসূচী বিহীন আঞ্চলিক দলক নতুনে হওঁক বা পুৰণি, ৰাইজে কোনা কাৰণতে আশ্বাসত নলয় বুলি সংগঠন কেইটাই যৌথ সংবাদ মেলৰ জৰিয়তে প্ৰকাশ কৰে । সকলো জাতি জনগোষ্ঠীক সামৰি সকলাৰে সম-অধিকাৰ, প্ৰকৃতার্থত ধর্ম-নিৰপেক্ষ,সম্পদৰ অধিকাৰ সাব্যস্ত কৰিব পৰা গণতান্ত্ৰিক, প্ৰগতিশীল ৰাজনৈতিক আদৰ্শৰ দলৰ কাষত থিয় দিবলৈ সংগঠন কেইটাই ৰাইজক আহ্বান জনায় ।

লগতে পঢ়কঃতিনিচুকীয়াৰ সাংবাদিক হত্যাকাৰী কোন এই মহিলা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.