ETV Bharat / state

পৰীক্ষাৰ পূৰ্বে জানি লওক ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ নিৰ্দেশনা; নহ'লে পৰিব বিপদত, বিশেষ ৰে'লৰ ব্যৱস্থা - ADRE for 3rd Grade

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 8 minutes ago

ADRE 2024 : দেওবাৰে অনুষ্ঠিত হ'ব অসম চৰকাৰৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা । দুটা শ্ৰেণীৰ বাবে আৰু দুটা ভাগত অনুষ্ঠিত হ'ব এই নিযুক্তি পৰীক্ষা । পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু পিচবেলা ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মেট্রিক পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব । পৰীক্ষাৰ পূৰ্বে জাৰি কৰা হৈছে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা । লগতে পৰীক্ষাৰ্থীসকলৰ যাতায়াতৰ সুবিধাৰ বাবে ৰে'লৱেই বিশেষ ৰে'লৰ ব্যৱস্থা কৰিছে । সবিশেষ জানিবলৈ পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন ।

ADRE 2024
নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে জানিবলগীয়া কেইটামান কথা (ETV Bharat Assam)

গুৱাহাটী, ২৮ ছেপ্টেম্বৰ : পৰীক্ষাৰ্থীক তালাচীৰ নামত চলোৱা আতিশয্য আৰু প্রশ্নকাকত আনিবলৈ নিদিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিচতে এই সন্দৰ্ভত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে । পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি আয়োগে জাৰি কৰা নিৰ্দেশনা অনুসৰি, এডমিট কার্ড, বৈধ পৰিচয়ৰ লগতে তালাচী অবিহনে কোনো প্ৰাৰ্থীক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।

প্ৰাৰ্থীসকলক আৰক্ষী বা কৰ্তৃত্বশীল বিষয়াৰ জৰিয়তে নিয়মীয়া তালাচীৰ লগতে মেটেল ডিটেক্টৰৰ জৰিয়তে পৰীক্ষা কৰা হ'ব । যদি কোনো প্রার্থী আপত্তিজনক তালাচীৰ সন্মুখীন হয়, তেন্তে সংশ্লিষ্ট প্রার্থীজনে লগে লগে সমগ্র বিষয়টো কেন্দ্ৰৰ তত্ত্বাৱধায়কক অৱগত কৰিব পাৰিব ।

ADRE 2024
প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা (ETV Bharat Assam)

তদুপৰি দ্ৰুত তালাচীৰ স্বাৰ্থত প্ৰাৰ্থীসকলক হাফ চোলা আৰু জোতাৰ পৰিৱৰ্তে চেণ্ডেল পিন্ধি আহিবলৈ পৰামৰ্শ দিয়া হৈছে । নির্দেশনা অনুসৰি, পৰীক্ষা অন্ত পৰাৰ পিচত প্ৰাৰ্থীসকলক তেওঁলোকৰ প্রশ্নকাকতখন লৈ যোৱাৰ অনুমতি প্ৰদান কৰা হ'ব ।

পৰীক্ষা সম্পূৰ্ণ হোৱাৰ পিচত নিৰীক্ষকসকলে প্রথমে অ’ এম আৰ শ্বীটসমূহ সংগ্ৰহ কৰিব । এই সময়ছোৱাত প্ৰাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অতিৰিক্ত পাঁচ মিনিটৰ বাবে বহি থাকিব লাগিব । যেতিয়াই নিৰীক্ষকে সংগ্ৰহ কৰা অ' এম আৰ শ্বীটসমূহৰ সঠিক হিচাপ গণ্য কৰিব, তেতিয়াই প্ৰাৰ্থীসকলে প্ৰশ্নকাকতসহ পৰীক্ষা কেন্দ্ৰৰ পৰা ওলাই যাব পাৰিব । নিৰ্দেশনাৰ জৰিয়তে প্ৰাৰ্থীসকলক উত্তৰ লিখাৰ পূৰ্বে অ' এম আৰ শ্বীটত উল্লেখ থকা ৰোল নম্বৰ সঠিকভাৱে পৰীক্ষা কৰিবলৈ কোৱা হৈছে ।

ADRE 2024
পূৰ্বৰ পৰীক্ষাত পৰীক্ষাৰ্থীৰ দীঘলীয়া শাৰী (ETV Bharat Assam)

উল্লেখ্য যে অহা ২৯ ছেপ্টেম্বৰৰ আগবেলা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ পৰীক্ষা আৰু পিচবেলা ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মেট্রিক পৰ্যায়ৰ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব ।

এ ডি আৰ ই পৰীক্ষা সন্দৰ্ভত জাৰি কৰা নীতি-নির্দেশনাসমূহৰ সবিশেষ

  1. প্ৰাৰ্থীসকল কমেও ডেৰ ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব লাগিব ।
  2. প্ৰাৰ্থীসকলে তালাচীৰ সন্মুখীন হ'ব লাগিব । পুৰুষ আৰু মহিলা প্ৰাৰ্থীৰ তালাচীৰ বাবে পৃথক পৃথককৈ থাকিব পুৰুষ-মহিলা আৰক্ষী । পুৰুষৰ তালাচী পুৰুষ আৰক্ষী আৰু মহিলাৰ তালাচী মহিলা আৰক্ষীৰ দ্বাৰা কৰা হ'ব ।
  3. তালাচীত নিযুক্ত সকলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে যাতে পৰীক্ষাৰ্থীৰ মৰ্যাদা আৰু সন্মান হানি নহয় । পৰীক্ষাৰ্থীৰ গোপনীয়তা আৰু সততাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব ।
  4. পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক হ’ব তালাচীৰ স্থান ।
  5. মহিলা পৰীক্ষাৰ্থীৰ সন্মান আৰু গোপনীয়তা ৰক্ষাৰ বাবে তালাচীৰ স্থান বিশেষ আঁৰ-বেৰৰ মাজত থাকিব ।
  6. প্ৰৱেশ পথতে পৰীক্ষা কেন্দ্ৰলৈ কি কি নিব পাৰিব বা নোৱাৰিব তাৰ স্পষ্ট নিৰ্দেশনা থাকিব ।
  7. তালাচীৰ সময়ত আৰক্ষীয়ে পৰীক্ষাৰ্থীক সুন্দৰভাৱে বুজাব লাগিব যে অসৎ উপায় ৰোধ কৰাৰ বাবে তালাচী নিৰাপত্তাৰ এক অংশ ।
  8. পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পকেট খালী কৰি সকলো সামগ্ৰী নিৰ্ধাৰিত স্থানত পৰিদৰ্শনৰ বাবে দিব লাগিব ।
  9. মহিলা প্ৰাৰ্থীৰ তালাচী অংগনৱাড়ী কৰ্মী-সহায়িকা বা আশাকৰ্মীৰ উপস্থিতিত মহিলা কনিষ্টবলে কৰিব ।
  10. প্ৰতিজন পৰীক্ষাৰ্থীক মেটেল ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰা হ’ব ।
  11. তালাচীৰ সময়ত পৰীক্ষাৰ্থীসকলে হাত ডাঙি তালাচী দিব লাগিব ।
  12. প্ৰট’কল অনুসৰি, কঁকাল, গোৰোহা, পকেট আদিৰ তালাচীৰ বাবে হাউলিব লাগিব পৰীক্ষাৰ্থীয়ে ।
  13. কাপোৰ, জোতা আদিত যাতে নিষিদ্ধ কোনো সামগ্ৰী নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব ।
  14. পৰীক্ষাৰ্থীক কেৱল ছেবা, টেষ্টিং এজেন্সী আৰু এছ এল আৰ চিয়ে অনুমতি দিয়া সামগ্ৰীহে নিবলৈ অনুমতি দিয়া হ’ব ।
  15. তালাচীৰ সময়ত সন্দেহ উপজিলে পৰীক্ষাৰ্থীক টুপি, জোতা-চেণ্ডেল, গহনা আদি খুলিবলৈ নিৰ্দেশ দিব পাৰে ।
  16. অনুমতি নথকা সামগ্ৰী পালে সেয়া লগে লগে জব্দ কৰা হ’ব ।
  17. কোনো ইলেকট্ৰ'নিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী লাভ কৰিলে পৰীক্ষাৰ প্ৰট'কল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
  18. তালাচী সম্পন্ন হোৱাৰ পিচত পৰীক্ষাৰ্থীক তেওঁলোকৰ যাৱতীয় সামগ্ৰী লৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ অনুমতি দিয়া হ’ব ।
  19. তালাচীৰ স্থানত যাতে কোনো অনুমতি নথকা সামগ্ৰী কঢ়িয়াই নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব ।
  20. জব্দ কৰা সামগ্ৰীৰ এখন পঞ্জী থাকিব আৰু নিয়ম পালন নকৰা বা সন্দেহজনক আচৰণৰ যিকোনো ঘটনা প্ৰাৰ্থী অনুসৰি লিপিবদ্ধ কৰা হ’ব ।
  21. নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষৰ সৈতে ধাৰাবাহিক যোগাযোগ ৰক্ষা কৰা হ’ব ।
  22. যদি কোনো মহিলাই তালাচীৰ বাবে সন্মত নহয়, তেন্তে ততালিকে পৰীক্ষা কেন্দ্ৰৰ কৰ্তৃপক্ষ আৰু কেন্দ্ৰৰ দায়িত্বত থকাজনক জনাব লাগিব । কেন্দ্ৰৰ দায়িত্বত থকাজনে পৰীক্ষাৰ্থীগৰাকীক পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছতাৰ বাবে তালাচী যে প্ৰয়োজনীয় সেই কথা বুজাব । তাৰ পিচতো যদি পৰীক্ষাৰ্থীগৰাকী সন্মত নহয় তেন্তে তেওঁৰ স্বাক্ষৰৰ পিছত পৃথক ৰুমলৈ নিয়া হ’ব ।
  23. নিষিদ্ধ সামগ্ৰী জব্দ হ’লে প্ৰাৰ্থীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব ।
  24. তলাচীৰ সময়ত পৰীক্ষাৰ্থীৰ সন্মান, মৰ্যাদা বজাই ৰাখিব লাগিব । সকলো প্ৰাৰ্থীৰ প্ৰতি নিৰপেক্ষতা, স্বচ্ছতা, পেছাদাৰিত্ব আৰু সততাৰে তালাচী কৰাৰ নিৰ্দেশ দিয়া হৈছে ।
  25. যথাসম্ভৱ তালাচীৰ স্থানত চিচিটিভিৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে, যাতে প্ৰয়োজনত ভিজুৱেল চাই সত্যতা নিৰূপণ কৰিব পাৰি ।
  26. মহিলাৰ তালাচীৰ ক্ষেত্ৰত চিচিটিভি ৰেকৰ্ডিং নিষিদ্ধ ।
  27. যথাসম্ভৱ মহিলাৰ তালাচী বুথৰ প্ৰৱেশ আৰু প্ৰস্থান পথত চিচিটিভিৰ ব্যৱস্থা কৰাৰ বাবে কোৱা হৈছে ।
  28. তালাচী সম্পৰ্কে প্ৰাৰ্থীয়ে আপত্তি দৰ্শাব পৰাকৈ প্ৰতিটো কেন্দ্ৰত এজন ভাৰপ্ৰাপ্ত বিষয়া থাকিব লাগিব । এই ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰক্ষী নাইবা আন চৰকাৰী বিভাগৰ লোক হ’ব লাগিব ।
  29. প্ৰাৰ্থীয়ে নিব লাগিব নীলা, ক'লা চিয়াঁহীৰ বল পেইন ।
  30. পৰীক্ষা কেন্দ্ৰলৈ নিব পাৰিব ধন আৰু লেবেল নথকা পানী বটল ।
  31. পৰীক্ষাৰ্থীসকলে নিব লাগিব পৰিচয়-পত্ৰ । পৰিচয়-পত্ৰৰ ভিতৰত পৰীক্ষাৰ্থীয়ে নিব পাৰিব আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, ড্রাইভিং লাইচেঞ্চ নাইবা সঠিক পৰিচয়-পত্র ।
  32. ছেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট লৈ যাব লাগিব প্ৰাৰ্থীসকলে ।
  33. বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলে নিব লাগিব প্রমাণ-পত্র ।
  34. পৰীক্ষাৰ পূৰ্বে অ' এম আৰ শ্বীটত নাম, ৰোল নম্বৰ পৰীক্ষা কৰিবলৈ আহ্বান ।
  35. এডমিট কার্ড অবিহনে প্ৰাৰ্থীক পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব ।
  36. প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ পিচত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব ।

প্ৰাৰ্থীৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া এ ডি আৰ ই পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলৰ সুবিধার্থে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে । উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰীক্ষাৰ বাবে বিশেষ ছয়খন ৰে’লৰ ব্যৱস্থা কৰিছে ।

  • আলিপুৰদুৱাৰৰ পৰা কামাখ্যা ষ্টেচনলৈ

২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৮.১০ বজাত আলিপুৰদুৱাৰৰ পৰা আহিব বিশেষ ৰে’লখন । ২৯ ছেপ্টেম্বৰত পুৱা ৪ বজাত কামাখ্যা ষ্টেচন পাব ৰে’লখন । বিয়লি ৩ বজাত আলিপুৰদুৱাৰ অভিমুখে উভতিব ৰে’লখন ।

  • আলিপুৰদুৱাৰ আৰু গুৱাহাটী ষ্টেচনৰ মাজত

আলিপুৰদুৱাৰৰ পৰা বিশেষ ৰে’লখন আহিব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৫ বজাত । ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত গুৱাহাটী ষ্টেচন পাব ৰে’লখন । গুৱাহাটীৰ পৰা উভতিব ২৯ ছেপ্টেম্বৰৰ আবেলি ৩.৫০ বজাত ।

  • হাইলাকান্দি আৰু শিলচৰৰ মাজত

২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত হাইলাকান্দিৰ পৰা আহিব বিশেষ ৰে’লখন । শিলচৰত পুৱা ৭.১০ বজাত উপস্থিত হ’ব ৰে’লখন । বিয়লি ৩.৩০ বজাত শিলচৰৰ পৰা হাইলাকান্দিলৈ উভতিব ৰে’লখন ।

  • মৰিয়নী আৰু নাৰেংগীৰ মাজত

২৮ ছেপ্টেম্বৰত মৰিয়নিৰ পৰা বিশেষ ৰে’লখন আহিব বিয়লি ৩.৩৫ বজাত । ২৯ ছেপ্টেম্বৰৰ পুৱা ৫ বজাত ৰে’লখন উপস্থিত হ’ব নাৰেংগীত । নাৰেংগীৰ পৰা বিয়লি ৩.৩০ বজাত উভতিব ৰে’লখন ।

  • আলিুৰদুৱাৰ আৰু নিউ বঙাইগাঁৱৰ মাজত

২৮ ছেপ্টেম্বৰত আলিপুৰদুৱাৰৰ পৰা মাজনিশা ১২ বজাত এৰিব বিশেষ ৰে’লখন । নিউ বঙাইগাঁৱত উপস্থিত হ’ব ২৮ ছেপ্টেম্বৰৰ সন্ধিয়া ৬.২০ বজাত । নিউ বঙাইগাঁৱৰ পৰা ২৯ ছেপ্টেম্বৰত ৰে’লখন এৰিব বিয়লি ৫.৫০ বজাত ।

  • হয়বৰগাঁৱৰ পৰা গুৱাহাটীলৈ

২৮ ছেপ্টেম্বৰৰ আবেলি ২ বজাত হয়বৰগাঁৱৰ পৰা আহিব বিশেষ ৰে’লখন । একেদিনাই সন্ধিয়া ৬ বজাত ৰে’লখন গুৱাহাটী ষ্টেচনত উপস্থিত হ’ব । ২৯ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাত ৰে’লখন উভতিব হয়বৰগাঁৱলৈ ।

লগতে পঢ়ক :ADRE পৰীক্ষাৰ অ' এম আৰ শ্বীট কিদৰে লাভ কৰিব ? - Assam CM Himanta Biswa Sarma
লগতে পঢ়ক :কি কি নিয়ম এ ডি আৰ ইৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে ? - ADRE 2024

Last Updated : 8 minutes ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.