আমগুৰি, ১২ জানুৱাৰী: উৰুকালৈ মাজত মাথো এটা দিন (Bhogali Bihu preparation in Assam) ৷ সেয়েহে ৰাজ্যত ভোগালীক আদৰাৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি ৷ সকলোৱে ভোগালী বিহুটিক আদৰিবলৈ চৌদিশে উঠি পৰি লাগিছে ৷ চেনেহৰ ভোগালী বিহুটি উদযাপনৰ কাৰণে সাজু হৈ উঠিছে প্ৰত্যেকগৰাকী অসমীয়া । কোনোৱে যদি পিঠা প্ৰস্তুত কৰিছে, আন কোনোবাই আকৌ ভেলাঘৰ নিৰ্মাণত ব্য়স্ত। ভোগালীৰ প্ৰাকক্ষণত গাঁৱৰ আখলৰ পৰা ঢেকীশাললৈকে জীয়াৰী-বোৱাৰীৰ অন্তহীন ব্যস্ততা দেখিবলৈ পোৱা গৈছে । সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখি অসমীয়াই উদযাপন কৰিব ভোগালী বিহু । সোণোৱালী সোণগুটি ভঁৰালত সোমোৱাই চহা কৃষকে তৃপ্তিৰ হাঁহিৰে পুহ মাহৰ অন্তত সাজু হৈছে ভোগালীক আদৰিবলৈ । অন্তহীন ব্যস্ততা এইসময়ত কৃষিজীৱি চহা লোকসকলৰ ।
দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ থকা ঢেঁকীশাল প্ৰাণ পাই উঠিছে আমগুৰিৰ জালুকগাঁৱত (Bhogali Bihu preparation in Amguri)। কোনো এগৰাকীয়ে যদি পিঠাৰ খোলা পাতিছে, আন কোনোৱে আকৌ ব্যস্ত হৈছে ঢেঁকী দিয়া অথবা নাৰিকল ৰুকাত । এনে উথপথপ পৰিৱেশৰ মাজতে সকলোৱে এফাকি বিহুগীতো গাইছে । তেওঁলোকে ভোগালীৰ এই ব্যস্ততাৰ উখলমাখল পৰিৱেশত হাতত ঢোল লৈ চুবুৰীৰ ডেকা স'তেও সংগ দিছে । অসমীয়া গাঁৱলীয়া সমাজখনৰ পৰা ক্ৰমান্বয়ে হেৰাই যাব ধৰা ঢেঁকীশালে প্ৰাণ উঠাত গাওঁখনত স়ষ্টি হৈছে অন্য় এক পৰিৱেশৰ । চুবুৰীৰ সকলো জীয়াৰী-বোৱাৰী একগোট হৈ ব্যস্ত হৈ পৰিছে ঢেঁকীশাল আৰু আখলত । গাওঁখনৰ সকলোৱে একেলগে ঢেঁকীশালত সমবেত হোৱাটো এক পৰম্পৰা বুলি তেওঁলোকে মন্তব্য় কৰিছে । উল্লেখ্য় যে ঢেঁকী হৈছে চাউল, মচলা আদি গুৰি কৰিবলৈ ব্যৱহাৰ কৰা এবিধ কাঠৰ আহিলা ।
আগতে এই আহিলাবিধ ভোগালীৰ সময়ত বেছি ব্য়ৱহাৰ কৰা হৈছিল যদিও আজিকালি ইয়াৰ প্ৰচলন হ্ৰাস পাবলৈ ধৰিছে । ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰাই অসমত এই ঢেঁকীৰ প্ৰচলন হৈ আহিছে । অসমীয়াৰ লগতে আন বহুতো জাতি-জনজাতিৰ লোকেও ঢেঁকী ব্যৱহাৰ কৰা দেখা যায় । অসমৰ সাহিত্য সংস্কৃতিৰ লগত ঢেঁকী ওত:প্ৰোতভাৱে জড়িত হৈ আছে । অসমত প্ৰচলিত বিহু গীতসমূহতো ঢেঁকীৰ উল্লেখ পোৱা যায় । আধুনিকতাৰ ধামখুমীয়াৰ মাজতো এনে পৰম্পৰাকে জীয়াই ৰাখিছে গাওঁখনৰ মহিলাসকলে ।
অন্তহীন ব্যস্ততা চহা কৃষকৰ । তেওঁলোকে আতকধুনীয়াকৈ সাজি উলিয়াইছে ভেলাঘৰ । আমগুৰিৰ দোপদৰ কাড়ছোৱা বলিমৰাত ৰংঘৰৰ আৰ্হিত ভেলাঘৰ সাজিছে । ইজিপ্তৰ পিৰামিডৰ আৰ্হিত দেউৰী চুকত যুৱক-যুৱতী, মহিলা সকলো ভেলাঘৰ নিৰ্মাণ কৰিছে ৷ দেউৰী চুকৰ ৭৫ টা পৰিয়ালে পৰম্পৰা ৰক্ষা কৰি ভোগালী বিহু উদযাপন কৰি আহিছে ৷ ভোগালী বুলিলেই দৈ প্ৰসংগ আহে । ভগামুখৰ এঠা দৈ সাজু হৈছে ভোগালীৰ বাবে ।
লগতে পঢ়ক:Extreme cold in India: অত্যাধিক শীতৰ বাবে দেশত ষ্ট্ৰোকৰ আশংকা বৃদ্ধি