ETV Bharat / state

ন-মহীয়া অন্ত:সত্বাৰ মৃত্যু: উত্তপ্ত শিৱসাগৰ

শিৱসাগৰ জিলাৰ ইষ্ট পইন্ট হাস্পতালৰ চিকিৎসাক ডা: দিলিপ গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ চিকিৎসকজনৰ ভুল চিকিৎসাৰ বাবে এগৰাকী ন-মহীয়া অন্ত:সত্বাৰ প্ৰাণ যোৱাৰ অভিযোগ ৷

pregnant-women-death-sibsagor
নমহীয়া অন্ত:সত্বাৰ মৃত্যু: উত্তপ্ত শিৱসাগৰ
author img

By

Published : Nov 26, 2019, 3:32 PM IST

শিৱসাগৰ,26নৱেম্বৰ : শিৱসাগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ ভুল চিকিৎসাৰ বলি হৈ কৰুণ মৃত্যুক সাৱতি ল'বলগীয়া হৈছে এগৰাকী ন-মহীয়া অন্ত:সত্বাই ৷মৃত মহিলাগৰাকীৰ নাম দীপজ্যোতি গগৈ ৷ শিৱসাগৰ জিলাৰ ইষ্ট পইন্ট হাস্পতালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ চিকিৎসক ডা: দিলিপ গগৈয়ে ভুল চিকিৎসা কৰাৰ অভিযোগ মৃত মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালৰ ৷

এগৰাকী ন-মহীয়া অন্ত:সত্বাৰ মৃত্যু

উল্লেখ্য যে, শিৱসাগৰৰ বেলিমুখীয়া মাউৎ গাঁৱৰ দীপজ্যোতি গগৈ তিনিমাহৰ গৰ্ভৱতী হোৱাৰ সময়ৰ পৰাই চিকিৎসক ডা: দিলিপ গগৈৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি আহিছিল ৷ কিন্তু ২৫ নৱেম্বৰৰ সন্ধিয়া ৭ বজাত অন্ত:সত্বা মহিলা গৰাকী শাৰিৰীক ভাৱে অসুস্থ হৈ পৰে ৷ ইয়াৰ পাছতেই চিকিৎসক ডা: দিলিপ গগৈৰ পৰামৰ্শ লৈ মহিলাগৰাকীক ভৰ্তি কৰা হয় হাস্পতালত ৷ ইষ্ট পইন্ট হাস্পতালত ডা: গগৈয়ে মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি উচ্চ ৰক্তচাপত ভোগাৰ কথা পৰিয়ালক জানিবলৈ দি CORT- S 100 mg নামৰ এটা বেজী দিয়ে ৷ কিন্তু বেজী দিয়াৰ পাছতেই মহিলা গৰাকীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে আৰু অচেতন হৈ পৰে ৷ এই ঘটনাৰ পাছতেই হাস্পতালখনত হাহাকাৰৰ সৃষ্টি হয় আৰু মহিলাগৰাকীৰ স্বামীয়ে শিৱসাগৰ জিলাৰে প্ৰগতি হাস্পতাললৈ লৈ আহে ৷ কিন্তু চিকিৎসালয় পোৱাৰ পূৰ্বতেই মহিলাগৰাকীৰ মৃত্যু হয় ৷

শিৱসাগৰৰ ইষ্ট পইন্ট হাস্পাতালত হাহাকাৰ

অন্য এক খবৰৰ বাবে : গোৱালপাৰাত গ্ৰেপ্তাৰ তিনি আইছিছ সন্ত্ৰাসবাদী

মহিলাগৰাকীৰ স্বামীৰ মন্তব্য অনুসৰি, চিকিৎসক দিলিপ গগৈয়ে ভুল বেজী দিয়াৰ বাবেই দুই গৰ্ভস্থ সন্তানৰ সৈতে মৃত্যু হয় মহিলা গৰাকীৰ ৷ চিকিৎসকজনৰ ওপৰত গুৰুতৰ অভিযোগ যে, উচ্চ ৰক্তচাপত ভোগা অন্ত:সত্বা দীপজ্যোতিক দিয়া বেজীটো দ্বীপজ্যোতিৰ স্বাস্থ্যৰ বাবে প্ৰযোজ্য নাছিল ৷ এলাৰ্জীৰ বাবে দিয়া বেজী মহিলাগৰাকীক দিয়া হৈছিল ৷ যাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় বুলি মন্তব্য কৰে মহিলাগৰাকীৰ পৰিয়ালৰ লগতে স্বামীয়ে ৷ ইফালে মহিলা গৰাকীৰ ভতিজা জান গগৈয়ে মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ জানিবলৈ যাঁওতেই চিকিৎসক দিলিপ গগৈয়ে গুণ্ডা লগাই মাৰপিট কৰে বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালটিয়ে ৷ অৱশেষত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷

Intro:Body:শিৱসাগৰত ভুল চিকিৎসাৰ বলি হৈ ন-মহীয়া অন্ত:সত্বাৰ কৰুণ মৃত্যু: ইষ্ট পইন্ট হস্পিতালত সংঘটিত এই ঘটনা: চিকিৎসক ডা: দিলিপ গগৈৰ বিৰোদ্ধে ভুল চিকিৎসাৰ অভিযোগ: অভিযোগ দিবলৈ যোৱা মৃত মহিলাৰ আত্মীয়ক চিকিৎসকৰ ভেৰোনীয়া বাহিনীৰ আক্ৰমন:

Story-MEDICAL_TERRORISM
Ananta Smith
Sivasagar
26th November

শিৱসাগৰত ভুল চিকিৎসাৰ বলি হৈ ৯ মহীয়া অন্ত:সত্বা মহিলাৰ মৃত্যু

শিৱসাগৰ চহৰৰ ইষ্ট পইন্ট নাৰ্চিং হোমৰ স্বত্বাধিকাৰী ডা: দিলিপ গগৈৰ বিৰোদ্ধে গুৰুতৰ অভিযোগ মৃত মহিলাৰ স্বামীৰ

চিকিৎসক ডা: দিলিপ গগৈয়ে ভুল চিকিৎসা কৰাৰ বাবে ন-মহীয়া অন্ত:সত্বা দীপজ্যোতি গগৈ নামৰ মহিলা গৰাকীয়ে কৰুণভাবে মৃত্যুক সাৱটিব লগা হ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন মহিলা গৰাকীৰ স্বামী মাধৱ গগৈ আৰু পৰিয়ালৰ

মৃত মহিলা গৰাকীৰ ঘৰ শিৱসাগৰৰ বেলিমুখীয়া মাউৎ গাঁৱত

স্বামী মাধৱ গগৈয়ে উত্থাপন কৰা অভিযোগ অনুসৰি তেওঁৰ পত্নী দীপজ্যোতি গগৈ(৩২)ৰ তিনিমাহৰ গৰ্ভৱতী হোৱাৰ সময়ৰ পৰাই চিকিৎসক ডা: দিলিপ গগৈৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি আহিছিল

নিয়মীত ভাবে ডা: দিলিপ গগৈৰ তত্বাবধানতে চিকিৎসা গ্ৰহণ কৰি আহিছিল বৰ্তমানৰ ন-মহীয়া অন্ত:সত্বা দীপজ্যোতি গগৈয়ে

কিন্তু ২৫ নৱেম্বৰৰ সন্ধিয়া ৭ বজাত অন্ত:সত্বা মহিলা গৰাকীয়ে শাৰিৰীক অসুস্থতা অনুভৱ কৰাত চিকিৎসক ডা: দিলিপ গগৈৰ পৰামৰ্শ অনুসৰি মহিলা গৰাকীক চিকিৎসক গগৈৰ মালিকনাধীন ইষ্ট পইন্ট হস্পিতাললৈ লৈ আনে স্বামী আৰু পৰিয়ালে

ইষ্ট পইন্ট হস্পিতালত ডা: গগৈয়ে মহিলা গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি উচ্চ ৰক্তচাপত ভোগাৰ কথা জানিবলৈ দি CORT- S 100 mg নামৰ এটা বেজী দিয়ে

কিন্তু বেজী দিয়াৰ লগে লগে মহিলা গৰাকীয়ে অস্বাভাৱিক আচৰন কৰাৰ লগতে অচেতন হৈ পৰাৰ লগতে মুখৰে ফেন ওলাবলৈ ধৰে দীপজ্যোতি গগৈৰ

ডা: দিলিপ গগৈয়ে মহিলা গৰাকীক আন এখন হস্পিতাললৈ স্থানান্তৰ কৰিবলৈ স্বামী পৰামৰ্শ দিয়াত স্বামী আৰু পৰিয়ালে চহৰৰ প্ৰগতি হস্পিতাললৈ লৈ অহাৰ পথতে নিশা ১১ বজাত কৰুণভাবে মৃত্যক সাৱটি লয় ন-মহীয়া অন্ত:সত্বা দীপজ্যোতিয়ে

স্বামীৰ পৰিয়ালৰ গুৰুতৰ অভিযোগ— চিকিৎসক দিলিপ গগৈয়ে ভুল বেজী দিয়াৰ বাবেই দুই গৰ্ভস্থ সন্তানৰ সৈতে মৃত্যু হল মহিলা গৰাকীৰ ৷ চিকিৎসক জনৰ ওপৰত গুৰুতৰ অভিযোগ যে উচ্চ ৰক্তচাপত ভোগা অন্ত:সত্বা দীপজ্যোতিক দিয়া বেজীটো দ্বীপজ্যোতিৰ স্বাস্থ্যৰ বাবে প্ৰযোজ্য নাছিল ৷ এই বেজী দিয়া হয় এলাৰ্জীৰ বাবেহে ৷ অভিযোগ মৃত মহিলা গৰাকীৰ স্বামীৰ ৷

ইফালে মহিলা গৰাকীৰ মৃত্যুৰ সম্পৰ্কত জানিবলৈ ইষ্ট পইন্ট হস্পিতাললৈ যোৱা মহিলা গৰাকীৰ ভতিজা জান গগৈক ইষ্ট পইন্ট হস্পিতালত চিকিৎসক দিলিপ গগৈৰ নিৰ্দেশত গুণ্ডা বাহিনীয়ে মাৰপিট কৰাৰ অভিযোগ ৷

পৰিয়ালে চিকিৎসক গৰাকীৰ বিৰোদ্ধে এজাহাৰ প্ৰদান কৰিব বুলি জানিবলৈ দিছে ৷

উল্লেখ্য যে শিৱসাগৰৰ ইষ্ট পইন্ট হস্পিতালৰ বিৰোদ্ধে সময়ে সময়ে ৰোগীক ভুল চিকিৎসা কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ একাধিকবাৰ চিকিৎসালয় খনত ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা ৰোগীৰ আত্মীয়ই হস্পিতালখন ভাঙি চূচুৰ্মৈ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে ৷ পুনৰ চিকিৎসালয়খনৰ বিৰোদ্ধে অনুৰূপ অভিযোগ উত্থাপন হৈছে ৷

Bite:আত্মীয়Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.