ETV Bharat / state

শিৱসাগৰত ক'ভিড-19 প্ৰতিষেধকৰ সুৰক্ষা পালি প্ৰদান আৰম্ভ - Covid 19 vaccine

সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰৰ পৰা শিৱসাগৰ জিলাতো চিকিৎসক তথা স্বাস্থ্যকৰ্মী, ক'ভিড প্ৰতিৰোধ অভিযানৰ নেতৃবৰ্গ (ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ) আৰু গুৰুতৰ উপসৰ্গ (ক'মৰ্বিডিটী) থকা 60 বছৰৰ ওপৰৰ লোকৰ বাবে 'সুৰক্ষা পালি' (তৃতীয় পালি) ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হয় ৷

covidvaccine
শিৱসাগৰত ক'ভিড-19 প্ৰতিষেধক সুৰক্ষা পালি প্ৰদান অভিযান আৰম্ভ
author img

By

Published : Jan 13, 2022, 8:03 AM IST

শিৱসাগৰ, 13 জানুৱাৰী : ক'ভিড-19 ৰ প্ৰতিষেধক সুৰক্ষা পালি প্ৰদান অভিযান ইতিমধ্যেই আৰম্ভ হৈ গৈছে শিৱসাগৰ জিলাত (Precaution dose of covid 19 vaccine program in Sivsagar) ৷

জিলাখনত ক'ভিড-19 প্ৰতিষেধকৰ সুৰক্ষা পালি প্ৰদান অভিযানৰ বাবে বৰ্তমানলৈ 7,632 গৰাকী চিকিৎসক তথা স্বাস্থ্যকৰ্মী, ক'ভিড প্ৰতিৰোধ অভিযানৰ নেতৃত্ব লোৱাসকল আৰু গুৰুতৰ উপসৰ্গ (ক'মৰ্বিডিটী) থকা 60 বছৰৰ ওপৰৰ লোকসকলক লৈ এক লক্ষ্য ধাৰ্য কৰি লোৱা হৈছে ৷

এই অভিযানৰ প্ৰথম দিনাখনত জিলাখনৰ বিভিন্ন স্থানৰ 12 টা প্ৰতিষেধক কেন্দ্ৰত প্ৰতিষেধক প্ৰদান কৰা হয় (Precaution dose of covid19 vaccine) ৷ ইয়াৰে চাৰিটা কেন্দ্ৰত ক'ভিশ্বিল্ড আৰু ক'ভেক্সিন দুয়োটা প্ৰতিষেধক প্ৰদান কৰা হয় ৷

শিৱসাগৰত ক'ভিড-19 প্ৰতিষেধক সুৰক্ষা পালি প্ৰদান অভিযান আৰম্ভ

সেইদৰে মঙলবাৰে জিলাখনৰ বিভিন্ন খণ্ডৰ 19 টা কেন্দ্ৰত সুৰক্ষামূলক তৃতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য যে, প্ৰথম আৰু দ্বিতীয় পালিত যিটো ক'ভিড প্ৰতিষেধক (ক'ভিশ্বিল্ড বা ক'ভাক্সিন) লৈছিল, সেই একেটা প্ৰতিষেধকেই তৃতীয় পালিত দিয়া হ'ব ৷ এই ক্ষেত্ৰত সালসলনিকৈ কোনেও ল'ব নোৱাৰিব ৷

তদুপৰি, ক'ভিড প্ৰতিষেধকৰ দ্বিতীয় পালি গ্ৰহণৰ পৰা 39 সপ্তাহ বা 9 মাহ ব্যৱধান সম্পূৰ্ণ কৰা এইসকল লোকে তৃতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব ৷ অৰ্থাৎ বিগত বৰ্ষৰ 10 এপ্ৰিলৰ পূৰ্বে দ্বিতীয় পালি লোৱা লোকে এতিয়াৰ পৰা তৃতীয় পালি ল'ব পাৰিব ৷

একেদৰে 11 এপ্ৰিলত দ্বিতীয় পালি লোৱা সোকসকলে এতিয়াৰ পৰা সুৰক্ষামূলক পালি গ্ৰহণ কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব বুলি জিলা প্ৰতিষেধক বিষয়াই জানিব দিছে ৷

লগতে পঢ়ক : ক্ৰমাৎ গুৰুতৰ হৈ পৰিছে অসমৰ ক'ভিড পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.