ETV Bharat / state

কমনৱেলথ গেমছলৈ অসমৰ পপী হাজৰিকা

author img

By

Published : Jul 5, 2022, 8:16 AM IST

বাৰ্মিংহাম কমনৱেলথ গেমছলৈ ৰাওনা অসমৰ ভাৰত্তোলক পপী হাজৰিকা (Popy Hazarika selected for Commonwealth game)৷

Popy Hazarika selected for Commonwealth game
কমনৱেলথ গেমছলৈ অসমৰ পপী হাজৰিকা

আমগুৰি, 5 জুলাই: আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত অসমৰ জীয়ৰীৰ সাফল্য ৷ কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন কৰিছে অসমৰ ভাৰত্তোলক পপী হাজৰিকাই (Popy Hazarika selected for Commonwealth game)৷ আমগুৰিৰ নামতি অঞ্চলৰ জীয়ৰী পপী হাজৰিকাই এই যোগ্যতা অৰ্জন কৰি অঞ্চলটোৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷

কমনৱেলথ গেমছলৈ অসমৰ পপী হাজৰিকা

বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধত্ব কৰিবলৈ ইতিমধ্যে ইংলেণ্ডলৈ ৰাওনা হৈছে ভাৰত্তোলক পপী হাজৰিকাই ৷

বিগত সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে পপী হাজৰিকাই ৷ বৰ্তমান উত্তৰ পূব সীমান্ত ৰে'লৱেৰ এগৰাকী কৰ্মচাৰী খেলুৱৈগৰাকী ৷ দিপ্তী হাজৰিকা আৰু স্বৰ্গীয় অনুপ হাজৰিকাৰ কন্যা পপী ৷ 2015 চনৰ পৰা ভাৰত্তোলকৰ অনুশীলন কৰে পপীয়ে ৷

লগতে পঢ়ক : ইণ্ডো-থাই ইণ্টাৰনেচনেল ফুটছাল ২০২২ ৰ বাবে বাছনি হোজাইৰ ছোনিয়া ৰংপিপী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.