নাজিৰা, 19 জুলাই : এগৰাকী ব্যতিক্ৰমী চিকিৎসক ৷ এইগৰাকী চিকিৎসকৰ নাই কোনো নিৰ্ধাৰিত মাচুল ৷ প্ৰয়োজনত দৰিদ্ৰজনক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই এইগৰাকী দৰদী চিকিৎসকে ৷ নাজিৰাৰ প্ৰত্যেকগৰাকী লোকৰ বাবে চিনাকী এই নাম ৷
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী চিকিৎসকে ৷ যোৱা 16 জুলাইত নাজিৰাবাসীক কন্দুৱাই চেন্নাইৰ এপল' চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই ইহলীলা সম্বৰণ কৰে জনপ্ৰিয় চিকিৎসক ডাঃ বিপুল হাতীকাকতিয়ে (Dr Bipul Hatikakai passes away at Chennai) ৷
1978 চনতে মেডিকেল শিক্ষা সাং কৰি নাজিৰা নগৰত ব্যক্তিগত চেম্বাৰত চিকিৎসা সেৱা আৰম্ভ কৰিছিল চিকিৎসকগৰাকীয়ে ৷ বিগত ৪৪ বছৰে নাজিৰাৰ প্ৰতিজন নাগৰিকৰ বাবে এক চিনাকী নাম হৈ পৰা মানৱদৰদী চিকিৎসকজনৰ আছিল এক সুকীয়া পৰিচয় ৷ বিগত 44 বছৰীয়া কৰ্মজীৱনত তেঁও কোনোদিনে চিকিৎসাৰ বাবে নিৰ্ধাৰণ কৰি নাপালে ৰোগীৰ মাচুল ৷ ইয়াৰোপৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই আহিছিল ডাঃ হাতীকাকতিয়ে ৷
নাজিৰাৰ প্ৰতিজন ব্যক্তিৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলা চিকিৎসকজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে নাজিৰা ৷ ৬৮ বছৰীয়া চিকিৎসকজনৰ নশ্বৰ দেহ সোমবাৰে চেন্নাইৰ পৰা নাজিৰালৈ লৈ অহা হয় ৷ চিকিৎসকগৰাকীক নাজিৰা নাট্য মন্দিৰলৈ অনাৰ পিছত অশ্ৰুসিক্ত নয়নেৰে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অজশ্ৰজনে ৷
নাজিৰাৰ মহকুমাধিপতি সাব্যসাচী কাশ্যপে শোক প্ৰকাশ কৰি কয় যে তেঁওৰ মৃত্যু নাজিৰাবাসীৰ বাবে অপূৰণীয় ক্ষতি ৷
লগতে পঢ়ক : Examples of developed Assam: এটুপি খোৱাপানীৰ বাবে দুৰ্ভোগ ভুগিছে বৰপেটা চহৰবাসীয়ে