ETV Bharat / state

Poor communication in DikhowMukh :আমগুৰিৰ দিখৌমুখত বিপদসংকুল যাতায়াত ৰাইজৰ - DikhowMukh

আমগুৰিৰ অৰ্ধশতাধিক গাঁৱৰ লোকে দৈনিক কৰিব লাগে বিপদসংকুলভাৱে যাতায়াত ৷ দিখৌমুখৰ গুৱাল-গায়েন গাঁও পাৰাঘাটত লাইফ জেকেটৰ ব্যৱস্থাৰ দাবী যাত্ৰীৰ ৷ দীৰ্ঘদিনে দলঙৰ দাবী কৰিও দলং নাপালে ৰাইজে ৷

Poor communication in DikhowMukh
আমগুৰিৰ দিখৌমুখত বিপদসংকুল যাতায়াত ৰাইজৰ
author img

By

Published : Jul 7, 2023, 4:08 PM IST

আমগুৰিৰ দিখৌমুখত বিপদসংকুল যাতায়াত ৰাইজৰ

আমগুৰি,৭ জুলাই: ৰাজ্যত বিভিন্ন সময়ত সংঘটিত নাও দুৰ্ঘটনাৰ পৰাও শিক্ষা লোৱা নাই প্ৰশাসন অথবা জল পৰিবহণ বিভাগে । শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ কেইবাখন গাঁৱৰ শ শ লোকে নিতৌ বিপদসংকুলভাৱে যাতায়াত কৰিব লগা হৈছে । দিখৌমুখৰ গুৱাল-গায়েন গাঁও পাৰাঘাটত দিখৌ নদীত মাৰ-নাৱেৰে দীৰ্ঘদিন ধৰি যাতায়াত অব্যাহত আছে । এই ভৰ বাৰিষাতো দিখৌ নদীৰ বুকুৱেদি দৈনিক কেইবা শতাধিক লোকে বিপদসংকুলভাৱে যাতায়াত কৰে । যাত্ৰীসকলৰ বাবে কোনো ধৰণৰ লাইফ জেকেটৰ ব্যৱস্থা নকৰাত অতি বিপদসংকুলভাৱে ইপাৰ-সিপাৰ হয় যাত্ৰীসকল । আনহাতে শিৱসাগৰ জিলা প্ৰশাসনৰ গুৰুত্বহীনতা আৰু জল পৰিবহণ বিভাগৰ অকৰ্মণ্যতাৰ বাবে গুৱাল-গায়েন গাঁও পাৰাঘাটত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে । দুৰ্ঘটনাৰ পাচতহে সাৰ পাব নেকি জিলা প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই !

আমগুৰি সমষ্টি আৰু শিৱসাগৰ সমষ্টিৰ সংযোগস্থল বিশেষকৈ দিখৌমুখ অঞ্চলৰ লগতে স'ৰাগুৰি, গটঙা, কোঁৱৰপুৰ, দিচাংমুখকে ধৰি অৰ্ধ-শতাধিক গাঁৱৰ কেইবা শতাধিক লোকে দৈনিক গুৱাল-গায়েন গাঁও ঘাটেৰেই ইপাৰ-সিপাৰ হয় । স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায় কৰা লোক আৰু স্থানীয় লোকসকলৰ অন্যতম সংযোগস্থল এই পাৰঘাটটো । স'ৰাগুৰি চাপৰি, গটঙা, চৰাইডুবাকে ধৰি শিৱসাগৰ সমষ্টিৰ উক্ত এলেকাটোৰ কোনো লোকৰ সাধাৰণ অসুখটো এই পাৰঘাটটোৰে দিখৌমুখ চিকিৎসালয়লৈ যাব লগা হয় । এই সমূহ সমস্যাৰ বাবে স্থানীয় লোকসকলে দীৰ্ঘদিন ধৰি গুৱাল-গায়েন গাঁও পাৰাঘাটত এখন স্থায়ী দলঙৰ ব্যৱস্থা কৰি দিবলৈ দাবী জনাই আহিছে । কিন্তু সংশ্লিষ্ট কতৃপক্ষৰ আজিলৈকে গা লৰা নাই । যিকোনো সময়তে ভয়াৱহ বিপদৰ আগজাননী দিয়া পাৰঘাটটোত শিৱসাগৰ জিলা প্ৰশাসনক লাইফ জেকেটৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে যাত্ৰীসকলে ।

লগতে পঢ়ক:Pig Syndicate: ৰাজ্যত সক্ৰিয় গাহৰি চিণ্ডিকেট সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী অসমীয়া যুৱ মঞ্চৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.