আমগুৰি,১৬ ফেব্ৰুৱাৰী: নিৰ্বাচন অহাৰ লগে লগে ৰাজ্যৰ বিধায়কসকল নিজ নিজ সমষ্টিত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ বাবে তৎপৰ হোৱা দেখা গৈছে । এইবাৰ শিৱসাগৰৰ আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাই উদ্বোধন কৰে খেলপথাৰ উন্নয়নৰ আঁচনি । মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম যুৱ বিকাশ অভিযানৰ জৰিয়তে নিৰ্মিত জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উন্নয়নৰ উদ্বোধন কৰে বিধায়ক গৰাকীয়ে । উল্লেখ্য যে এই আঁচনিৰ জৰিয়তে আমগুৰি সমষ্টিৰ মুঠ পাঁচখন খেলপথাৰ উন্নয়নৰ বাবে এক কোটি টকাৰ পুঁজি ধায্য কৰা হৈছিল ৷ তাৰে ২০ লাখ পুঁজি ব্যয়েৰে জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখনৰ প্ৰায় আশী শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ খেলপথাৰখন উদ্বোধন কৰি বিধায়ক প্ৰদীপ হাজৰিকাই গ্ৰামাঞ্চলৰ বহু প্ৰতিভাৱান খেলুৱৈ যাতে ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব পাৰে তাৰ বাবেই এনে আঁচনি চৰকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে ৷
অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয়খনৰ অধ্যক্ষই উন্নত খেলুৱৈৰ সৃ্ষ্টিৰ বাবে চৰকাৰী আঁচনিৰ শলাগ লয় আৰু অনুদিত পুঁজিৰ বাকী অংশ মুকলি হ’লেই খেলপথাৰখনৰ অৰ্ধসমাপ্ত কামখিনি সম্পূৰ্ণ হ’ব বুলি মন্তব্য কৰে ৷ উদ্বোধনী অনুষ্ঠানৰ পিছতে জাঁজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হয় আৰু খেলখন উদ্বোধন কৰে চিত্তৰঞ্জন গগৈয়ে ৷
লগতে পঢ়ক:প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ