আমগুৰি, ২৮ ডিচেম্বৰ: পৰ্যাপ্ত সা-সুবিধা অবিহনে অনুশীলন কৰিও ক্ৰীড়াক্ষেত্ৰত উজ্বলি উঠিছে শিৱসাগৰৰ এগৰাকী মহিলা খেলুৱৈ । শিৱসাগৰৰ নামতি দিকচু মাউত গাঁৱৰ বিচিত্ৰাৰেখা বৰুৱাই শেহতীয়াকৈ ঝাৰখণ্ডৰ ধনবাদত অনুষ্ঠিত হোৱা ইষ্টাৰ্ণ ইণ্ডিয়া পাৱাৰ লিফ্টিং চেম্পিয়নশ্বীপত পদক অৰ্জন কৰিবলৈ সক্ষম হয়(Bichitrarekha Baruah won silver in Power lifting Championship) । একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু অনুশীলনৰ বাবেই ঝাৰখণ্ডৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত পদক জয় কৰি শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মহিলা খেলুৱৈগৰাকীয়ে(Power lifting Championship 2021 in Jharkhand) ।
দৰিদ্ৰতাৰে যুঁজিও ভাগৰি নপৰা বিচিত্ৰাৰেখা বৰুৱাই পূৰ্বেও উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত অনুষ্ঠিত প্ৰতিযোগিতা অংশ লৈছে । পাৱাৰ লিফ্টিঙৰ সমান্তৰালকৈ মহিলা খেলুৱৈগৰাকীয়ে পাঞ্জা, ভাৰোত্তোলন আৰু ষ্টেণ্ড লিফ্টিঙতো নিজৰ পাৰদৰ্শিতা দেখুৱাই আহিছে । দিন হাজিৰা কৰি অশেষ কষ্টৰ মাজেৰে ধন উপাৰ্জন কৰি নিজৰ অনুশীলন আগবঢ়াই প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা এইগৰাকী খেলুৱৈয়ে এতিয়া চৰকাৰৰ পৰা সহায় বিচাৰিছে ।
চৰকাৰৰ সহায় লাভ কৰিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খেলাৰ সপোন মনত পুহি ৰাখিছে বিচিত্ৰাৰেখাই । খেলুৱৈগৰাকীৰ এই সফলতাৰ বাবে মঙলবাৰে নামতি আঞ্চলিক ছাত্ৰ সন্থাই খেলুৱৈগৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁ অভিনন্দন জনায় ।
লগতে পঢ়ক:বিশ্বনাথ চাৰিআলিত অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস পালন