আমগুৰি, ৭ এপ্ৰিল : সমগ্ৰ দেশে আজি ৭৫ বছৰীয়া স্বাধীনতা দিৱস উদযাপন কৰিছে (75th Independence Day of India)। কিন্তু ইমান বছৰৰ পাচতো অসমৰ বহু অঞ্চলে আজিলৈ উন্নয়নৰ পোহৰ দেখা নাই । একপ্ৰকাৰ উন্নয়নে ঢুকি পোৱা নাই বহু ঠাই । তাৰ ভিতৰত অন্যতম শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰ'দঘাইটিঙ অঞ্চল । আজিলৈ অঞ্চলটোৰ ৰাইজে উন্নয়নৰ পোহৰ নেদেখিলে । যাৰ বাবে বিভিন্ন সমস্যাৰ মাজেৰেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ।
এজাক বৰষুণ দিলেই ঘৰতে আৱদ্ধ হৈ থাকিব লাগে অঞ্চলটোৰ ৰাইজ । কাৰণ বোকাময় বাট-পথেৰে যাতায়তৰ কোনো অৱকাশেই নাথাকে । সেয়েহে শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ দেওৰজা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰ'দঘাইটিঙৰ অনুন্নত যাতায়াত ব্যৱস্থা আৰু স্থায়ী দলং নিৰ্মাণৰ দাবীত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে অঞ্চলটোৰ ৰাইজে (Transportation problem in Amguri)।
শিঙিজানৰ ভগা কালভাৰ্ট আৰু বোকাময় পথ নিৰ্মাণত সমষ্টিৰ বিধায়কে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি স্থানীয় পুৰুষ-মহিলা সমন্বিতে বহু লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিলে । ৰাইজৰ অভিযোগ দীৰ্ঘদিন ধৰি বিপজ্জনক হৈ আছে ৰ'দঘাইটিঙৰ যাতায়াত ব্যৱস্থা । চামগুৰি-জামুগুৰি সংযোগী ৰ'দঘাইটিঙৰ শিঙিজান নদীত থকা ভগ্ন কালভাৰ্টটোৱে যিকোনো মুহূৰ্ততে অঞ্চলটোলৈ বিপদ আনিব পাৰে ।
অঞ্চলটোৰ বহুকেইখন গাঁৱৰ মধ্যস্থল যাতায়াতৰ একমাত্ৰ পথটো এজাক বৰষুণতে বোকাময় হৈ পৰে । সেই জৰাজীৰ্ণ পথেৰে কোনোপধ্যে যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন । যাৰ বাবে বিপদৰ সময়ত ভগৱানেই শেষ ভৰষা গাঁৱবাসীৰ । নিৰ্বাচনৰ সময়ত ৰাইজৰ ওচৰলৈ আহি বিভিন্ন প্ৰতিশ্ৰুতি দিয়া প্ৰতিনিধিৰ কিন্তু এইবোৰলৈ কোনো গুৰুত্ব নাই ।
নিৰ্বাচনত জয়ী হৈ ৰাজভোগ লাভ কৰাৰ পাচতে ৰাইজলৈ পিঠি দিয়ে জনপ্ৰতিনিধিয়ে । স্থানীয় লোকে বহুবাৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাক আবেদন জনাই আহিছে যদিও গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । যাৰ বাবে সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে প্ৰতিবাদৰ বাবে ওলাই আহিল অঞ্চলটোৰ পুৰুষ-মহিলা (Public protest against Amguri MLA)। স্থানীয় লোকে শীঘ্ৰে ভগা কালভাৰ্ট আঁতৰাই পকী দলং আৰু চামগুৰি-জামুগুৰি সংযোগী ৰ'দঘাইটিঙৰ পথটো পকীকৰণ কৰিবলৈ দাবী জনাইছে ।
লগতে পঢ়ক :Corruption in Hailakandi: আলগাপুৰত জলসম্পদ বিভাগৰ কাম-কাজত দুৰ্নীতিৰ অভিযোগ