ETV Bharat / state

চৰকাৰে বাৰে বাৰে বঞ্চনা কৰিছে নেকি শিৱসাগৰক ?

নতুন বাজেটক লৈ হতাশ হৈছে শিৱসাগৰীয়া ৰাইজ ৷ চৰকাৰে জয়মতী কলাক্ষেত্ৰ নিৰ্মাণৰ সলনি ডিব্ৰুগড়ত কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তাৱ লৈছে বাজেটত ৷ আহোম দিনৰ চিৰিয়াখানা পহুগড়ক উপেক্ষা কৰি ডিব্ৰুগড়ত চিৰিয়াখানা স্থাপনৰ প্ৰস্তাৱত অসন্তুষ্ট শিৱসাগৰবাসী ৷

sivsagar
শিৱসাগৰ
author img

By

Published : Jul 18, 2021, 7:52 PM IST

শিৱসাগৰ, 18 জুলাই : ইতিমধ্যে বিধানসভাত উত্থাপন কৰা হ'ল ৰাজ্য চৰকাৰৰ 2021-22 বৰ্ষৰ বিত্তীয় বাজেট । সামগ্ৰিকভাৱে বাজেটক কেন্দ্ৰ কৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উত্থাপিত বাজেটক লৈ সৃষ্টি হৈছে বহু আলোচনাৰ । আশাহত কৰা বাজেট বুলি বহুতেই নিৰাশা ব্যক্ত কৰিছে বাজেটক লৈ ৷

আনহাতে, নতুন চৰকাৰৰ প্ৰথমখন বাজেটক লৈ শিৱসাগৰ সমষ্টিৰ লগতে জিলাখনক লৈ চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত ৰাইজ উৎসুক হৈ আছিল । কাৰণ শিৱসাগৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰাইজৰ দলৰ অখিল গগৈ । বিধানসভাত বাজেট উত্থাপন হোৱাৰ পাছত এতিয়া শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো উত্থাপিত বাজেটত শিৱসাগৰৰ বাবে আহোম যুগৰ সম্পদসমূহ সংৰক্ষণৰ বাদে আন কোনো উন্নয়নৰ প্ৰসংগ নাই ৷

আনহাতে শিৱসাগৰৰ দাঁতিতে থকা ডিব্ৰুগড়-যোৰহাট আদি জিলাৰ বাবে বাজেটত বহু সুখবৰ আছে ।

চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰিছে নেকি শিৱসাগৰক ?

২০১১ চনত কংগ্ৰেছ নেতা বিজয়কৃষ্ণ সন্দিকৈ ড’নাৰ মন্ত্ৰী হৈ থকাৰ সময়ত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত মহিয়সী জয়মতী কলাক্ষেত্ৰ স্থাপনৰ বাবে ৪২ কোটিতকৈ অধিক টকাৰ অনুমোদন দিয়া হৈছিল । তেতিয়াৰ পৰা আজিলৈকে ১০ বছৰ পাৰ হৈ গ’ল যদিও জয়মতী কলাক্ষেত্ৰ হৈ নুঠিল । ইয়াৰ বিপৰীতে এইবাৰৰ বাজেটত ডিব্ৰুগড়ত এক কলাক্ষেত্ৰ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে ।

ইউপিএ চৰকাৰৰ দিনত শিৱসাগৰত সতী জয়মতীৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে আহোম যুগৰ ঐতিহ্য আৰু শিৱসাগৰক পৰ্যটনৰ কেন্দ্ৰবিন্দুৰূপে গঢ় দিয়াৰ প্ৰয়াস কৰা হৈছিল । কিন্তু উক্ত কলাক্ষেত্ৰৰ প্ৰকল্পটো বাস্তৱত ৰূপায়িত নকৰি কাষৰীয়া জিলাত কলাক্ষেত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ নতুন বাজেটত প্ৰদান কৰা হৈছে । ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে শিৱসাগৰৰ একাংশ লোক ৷

আনহাতে, শিৱসাগৰৰ পহুগড় আহোম যুগৰ চিৰিয়াখানাৰূপে পৰিচিত । এসময়ত এই পহুগড় আহোম দিনৰ চিৰিয়াখানা আছিল । পৰ্যটনৰ অন্যতম সমল এই পহুগড়ক চিৰিয়াখানাক এক নতুনৰূপত সজাই তোলাৰ চেষ্টা কৰিব লাগিছিল চৰকাৰে । কিন্তু তাকে নকৰি নতুন বাজেটত ডিব্ৰুগড়ত এক চিৰিয়াখানা স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।

প্ৰতিখন চৰকাৰেই যেন এলাগী কৰি আহিছে ঐতিহাসিক শিৱসাগৰক ৷ চৰকাৰৰ এইধৰণৰ মনোভাৱক তীব্ৰ নিন্দা জনাইছে শিৱসাগৰৰ একাংশ দল-সংগঠনৰ নেতা-কৰ্মীয়ে ৷ প্ৰশ্ন তুলিছে যে, শিৱসাগৰৰ উন্নয়নৰ কথা ভাবিব নে চৰকাৰে ?

লগতে পঢ়ক : অজন্তা নেওগৰ বাজেটে প্ৰৱঞ্চনাৰ অভিলেখ ভংগ কৰিলে: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.