ETV Bharat / state

সাহিত্যিক,কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান - PadmaShri award to Imran Shah

২০১০ চনৰ বৰপেটাৰোডত অনুস্থিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান ৷ অসমৰ সাহিত্য জগতত কথাকবি ৰূপে পৰিচিত,সু লেখক,চিন্তাবিদ তথা প্রৱক্তা ইমৰান শ্বাহলৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মাণ ৷ ২০০৯ চনত অসম উপত্যকা বঁটা আৰু ২০১২ চনৰ ১৪ জুলাইত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ৷

সাহিত্যিক, কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান

author img

By

Published : Jan 26, 2021, 7:30 AM IST

Updated : Jan 26, 2021, 7:35 AM IST

শিৱসাগৰ,26 জানুৱাৰী: অসমৰ সাহিত্য জগতত কথাশিল্পী ৰূপে পৰিচিত,সু লেখক,চিন্তাবিদ তথা ২০১০ চনৰ বৰপেটাৰোডত অনুস্থিত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান ৷ ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰৰ দৰবাৰ ফিল্ড সমীপৰ ধাইআলিত জন্ম গ্ৰহণ কৰা ইমৰাণ শ্বাহ বিখ্যাত নবাব বংশৰ মহম্মদ শ্বাহ আৰু মৰিয়ম নিছাৰ পুত্ৰ ৷ ১৯৩৮ চনত ধাইআলি ২নং প্ৰাথমিক বিদ্যালয়ত স্কুলীয়া শিক্ষা আৰম্ভ কৰি ১৯৪৩ চনত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰে। ১৯৫১ চনত নৱম শ্ৰেণীত পঢ়ি থাকোতেই প্ৰথম খন কাব্য সংকলন বনবাসী প্রকাশ হৈছিল। প্ৰকাশক আছিল তেওঁৰ বন্ধু লিয়াকৎ হুছেইন। অতি কম বয়সতে তেখেতে শিৱসাগৰৰ কেন্দ্ৰীয় ঈদগাহ ময়দানত নামাজ পঢ়িবলৈ আৰম্ভ কৰাৰ লগতে ঈদ মোবাৰক নামৰ এখন গ্ৰন্থও লিখি উলিয়াইছিল । ১৯৫২ চনত দশম শ্ৰেণীত অধ্যয়নৰত অৱস্থাতে সংগীতৰ সিপাৰে নামৰ উপন্যাস খন ৰচনা কৰিছিল যিখন তেওঁৰ জীৱনৰ প্ৰথমখন উপন্যাস।

সাহিত্যিক, কথাশিল্পী ইমৰান শ্বাহলৈ পদ্মশ্ৰী সন্মান
উল্লেখ্য যে,সৰুৰে পৰা অতি মেধাসম্পন্ন ইমৰাণ শ্বাহদেৱে সেইসময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰিছিল। প্ৰথম অৱস্থাত এজন সু চিকিৎসক হোৱাৰ মন মেলিছিল যদিও সেইসময়ত পৰিয়ালৰ কিছু আর্থিক সমস্যাৰ বাবে সেই আশা পুৰণ নহ'ল। তাৰ পাচত আই এচ চি পৰীক্ষা দি ঘৰলৈ উভতি আহি ঘৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ কোঁৱৰপুৰ হাইস্কুলত শিক্ষকতা জীৱন আৰম্ভ কৰাৰ লগতে হাই মাদ্রছাতো তেওঁ এবছৰ শিক্ষকতা কৰে। শিৱসাগৰ মহাবিদ্যায়ত স্নাতক শাখাত নাম ভর্তি কৰাৰ সময়তে কলেজ আলোচনীত লিখা ফল্গূ নামৰ এটা গল্পই তেওঁক সাহিত্যিক হিচাপে পৰিচয় কৰাই দিয়ে। ১৯৫৯ -১৯৬০ চনত অধ্যয়নৰত অৱস্থাত তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক আৰু ১৯৬২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আহি ১৯৬৩ চনত ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জয়সাগৰ কলেজৰ অসমীয়া বিভাগৰ প্ৰৱক্তা হিচাপে যোগদান কৰে। ১৯৬৬ চনত শ্বাহিদা শ্বাহৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰে যদিও ইশানু আৰু ইমানু নামৰ কন্যা সন্তান জন্ম দিয়াৰ কিছু বছৰৰ পাচতে এক দুৰ্ঘটনাত তেখেতৰ পত্নীৰ মৃত্যু হয়। ১১ বছৰীয়া ইশানু আৰু ৫ বছৰীয়া ইমানুক বুকুত সাৱতি সুদীৰ্ঘ ৩০ বছৰ প্রৱক্তা হিচাপে কর্মৰত সাহিত্যিক গৰাকীয়ে ১৯৯৩ চনত অৱসৰ গ্ৰহণ কৰে। জ্ঞানপিপাসু,তীক্ষ্ণ বুদ্ধি সম্পন্ন,নম্র, শান্ত স্বভাৱৰ ইমৰাণ শ্বাহ দেৱৰ লিখনিত সদায়ে এক সুকীয়া মাত্ৰা দেখিবলৈ পোৱা যায় । মানৱ দৰদী এই মহান ব্যক্তিজনে গৰীৱ শিক্ষাৰ্থী নামৰ এটা পুঁজি গঠন কৰি সমাজৰ বহু দুখীয়া ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰ দি আহিছে। বিভিন্ন অনুস্থান-প্রতিষ্ঠানৰ লগত গভীৰভাৱে জড়িত হৈ থকা ইমৰাণ শ্বাহদেৱে ১৯৬০ চনৰ পৰা ২০০০ চন লৈকে ঈশান দত্ত ছদ্মনামলৈ কবিতা লিখি জনপ্ৰিয় হৈ পৰিছিল । তাৰ সমান্তৰালভাৱে অসমবাণী আৰু নতুন অসমীয়া কাকতত অনামিকা বৰুৱা ছদ্মনামত নাৰী সম্বন্ধীয় প্রৱন্ধ লিখিও আলোড়ণৰ সৃষ্টি কৰিছিল সাহিত্যিক গৰাকীয়ে । জীৱনত বহু সময়ত বহু বঁটাৰে সন্মানিত হোৱা ইমৰাণ শ্বাহে সম্পূৰ্ণ কৰিলে ৮৬ টা বসন্ত । ২০০৮ অসম চৰকাৰে ঘোষণা কৰা ২০০৯ চনত অসম উপত্যকা বঁটা আৰু ২০১২ চনৰ ১৪ জুলাইত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ।

লগতে পঢ়ক: অসম প্ৰকাশন পৰিষদৰ 2020 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান

Last Updated : Jan 26, 2021, 7:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.