ETV Bharat / state

গেলেকীত ট্ৰেক্টৰৰ চেপাত নিহত এজন

author img

By

Published : Aug 9, 2020, 5:07 AM IST

অ’ এন জি চিৰ অসম সম্পদৰ অসম নৱীকৰণ প্ৰকল্পৰ কাম কৰি থকা মেঘা ইঞ্জিনিয়াৰিং নামৰ ব্যক্তিগত প্ৰতিস্থানৰ ট্ৰেক্টৰৰ চেপাত নিহত এজন লোক ৷ ব্যক্তিজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা নিশ্চিত কৰিব নোৱাৰত গেলেকীত সোমবাৰ পৰ্যন্ত বন্ধ থাকিব মেঘা ইঞ্জিনিয়াৰিং নামৰ ব্যক্তিগত কোম্পানীটোৰ কাম-কাজ ৷

road accident
road accident

নাজিৰা, ৮ আগষ্ট : শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী কমলাবাৰী পথত শনিবাৰে এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি। অ’ এন জি চিৰ অসম সম্পদৰ অসম নৱীকৰণ প্ৰকল্পৰ কাম কৰি থকা মেঘা ইঞ্জিনিয়াৰিং নামৰ ব্যক্তিগত প্ৰতিস্থানৰ ট্ৰেক্টৰৰ চেপাত নিহত হয় ব্যক্তিজন । মৃত ব্যক্তিজন গেলেকী বাৰুৱাতী গাঁৱৰ পূৰ্ণ গগৈ ।

অসমৰ জনপ্ৰিয় বনভোজ স্থলী গেলেকী কমলাবাৰী প্ৰতিষ্ঠা কালৰে পৰা জড়িত আছিল পূৰ্ণ গগৈ ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জব্দ কৰিছে দুৰ্ঘটনাত সংঘটিত কৰা ট্ৰেক্টৰখন। ঘটনা সন্দৰ্ভত মেঘা ইঞ্জিনিয়াৰিঙৰ বিষয়ববীয়াৰ সৈতে গেলেকী আৰক্ষী আৰু স্থানীয় ৰাইজ এক বৈঠকত মিলিত হয় ৷

কিন্তু মেঘা ইঞ্জিনীয়াৰিঙৰ বিষয়ববীয়া সকলে দুৰ্ঘটনাত নিহত ব্যক্তিজনৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা নিশ্চিত কৰিব নোৱাৰত গেলেকীত সোমবাৰ পৰ্যন্ত বন্ধ থাকিব মেঘা ইঞ্জিনিয়াৰিং নামৰ ব্যক্তিগত কোম্পানীটোৰ কাম-কাজ ৷
লগতে পঢ়ক : কলিয়াবৰৰ হৰিভাঙ্গাত লোমহৰ্ষক হত্যাকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.