শিৱসাগৰ, 27 অক্টোবৰঃ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জনসেৱা কেন্দ্ৰৰ সন্মুখত এগৰাকী ব্যক্তিৰ মৃত্যু । মঙলবাৰে দিনৰ ভাগত ব্যক্তিজনৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত আকস্মিক ভাবে হঠাৎ মৃত্যু হয়। মৃত ব্যক্তি জনৰ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, মৃত ব্যক্তি জনৰ নাম সীতাৰাম মুখীয়া, বয়স আনুমিক ৭৫ বছৰ হ’ব বুলি জানিব পৰা গৈছে ৷ ব্যক্তিজন বিগত ত্ৰিশ বছৰ ধৰি শিৱসাগৰ নগৰত অঘৰী জীৱন অতিবাহিত কৰিছিল। দিনৰভাগত বিভিন্ন হোটেলত ভাবে বাচন-বৰ্তন ধুই জীৱন নিৰ্বাহ কৰা লোকজনে আজিও উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত থকা কোনো কেণ্টিন বা হোটেলত বাচন-বৰ্তন ধুবলৈ আহোঁতে আকস্মিক ভাবে মৃত্যুক সাৱটি ললে বুলি ধাৰণা কৰা হৈছে ।
সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়কঃ জনতা মহাজোঁটবন্ধনৰ লগত আছে: বিহাৰ চৰকাৰক কটাক্ষ ছোনিয়াৰ